Assam Movement : এগৰাকী অসম আন্দোলনৰ এগৰাকী নিৰ্যাতিতৰ কৰুণ জীৱন গাথা

By

Published : Jul 4, 2023, 1:53 PM IST

thumbnail

যোৰহাট, ৪ জুলাই : এগৰাকী ব্ৰহ্মচাৰী । দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লৈ অধ্যয়নৰ বাবে গৈছিল গুৱাহাটী কটন কলেজলৈ । সেই সময়ত সহপাঠী হিচাপে সান্নিধ্য লাভ কৰিছিল অসমৰ প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ । ৬২ বছৰীয়া প্ৰশান্ত বৰঠাকুৰৰ এতিয়া পৰিচয় গোলাঘাট জিলাৰ দেৰগাঁৱৰ বৰুৱাবামুণ গাঁৱৰ এজন শাক-পাচলিৰ গুটি ব্যৱসায়ী ।

জীৱনৰ মায়া-মোহ ত্যাগ কৰি ব্ৰহ্মচাৰী জীৱন অতিবাহিত কৰা উচ্চ শিক্ষিত বৰঠাকুৰে এসময়ত নাগালেণ্ড, নেপালত শিক্ষকতা কৰিছিল । শিক্ষাৰ পোহৰ বিলোৱা মানুহজন কিন্তু আজি নিজেই অন্ধকাৰত থাকিবলগীয়া হৈছে । আনহাতে, '৮০-ৰ দশকৰ তেজেধোৱা আন্দোলনৰ সাক্ষী তথা নিৰ্যাতনৰ বলি হৈ আঘাতপ্ৰাপ্ত হৈছিল প্ৰশান্ত বৰঠাকুৰ ।

কিন্তু এইগৰাকী লোকৰ এতিয়া নাই থাকিবলৈ এটা ঘৰ, নাই বিদ্যুত যোগান । উৰুখা পঁজাত জীৱন কটাইছে , বৰষুণ দিলেই উপচি পৰে পানী । এনেদৰেই কটাইছে তেওঁ দুৰ্বিষহ জীৱন । এইগৰাকী দুৰ্ভগীয়া ব্যক্তিৰ প্ৰতি এবাৰ হ'লেও দৃষ্টি দিবলৈ সময় হ'বনে জনপ্ৰতিনিধিৰ ? বৰ্তমান সময়ত ই এটা ডাঙৰ প্ৰশ্ন ।

লগতে পঢ়ক :Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ ইউপিপিএল-বিপিএফৰ সংঘাত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.