ৰাষ্ট্ৰীয় ঘাইপথত সম্প্ৰসাৰণৰ নামত হোৱা কাম অতি নিম্ন মানৰ : বিধায়ক ভাস্কৰ বৰুৱা

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 3:22 PM IST

thumbnail

যোৰহাট, 3 জানুৱাৰী: যোৰহাট চিকিৎসা মহাবিদ্যালত চিকিৎসাধীন হৈ থকা দেৰগাঁৱৰ দুৰ্ঘটনাৰ আহতসকলৰ স্বাস্থ্য বুজ ল’লে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাই । আহতসকলৰ স্বাস্থ্য বুজ লৈ বিধায়ক বৰুৱাই কয়, ‘‘ অবাঞ্চিত ঘটনাটোৱে মোক শোকাহত কৰি তুলিছে ৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা একাংশই মগজুত যথেষ্ট আঘাত পাইছে । চিকিৎসকক আহ্বান জনাইছো ভালদৰে চিকিৎসা প্ৰদানৰ বাবে আৰু তেওঁলোকে আগবঢ়াই আছে ৷’’

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানে উক্ত পথত যিসমূহ সাংকেতিক চিহ্নৰ ব্যৱস্থা কৰিব লাগিছিল, সেয়া কৰা নাই ৷ ফলত উক্ত দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে বুলি বিধায়ক ভাস্কৰ বৰুৱাই আওপকীয়াকৈ উল্লেখ কৰে ৷

আনহাতে নিৰ্মাণৰত চাৰি লেনযুক্ত ঘাইপথৰ যোৰহাটৰ পৰা নুমলীগড়লৈকে অৰ্থাৎ উজনি অসমত অতি নিম্ন মানৰ কাম হোৱা বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে । উল্লেখ্য, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ৩১ গৰাকী লোকৰ ভিতৰত ৫ গৰাকী দুৰ্ঘটনাগ্ৰস্তৰ অৱস্থা অতি সংকটজন আৰু এগৰাকী মহিলা, দুজন পুৰুষ আৰু দুটি শিশুৱে বৰ্তমান আইচিইউত মৃত্যুৰে যুঁজি আছে ৷ আহতসকলক পৰ্যাপ্ত চিকিৎসা প্ৰধান কৰা হৈছে আৰু প্ৰতি মূহূৰ্তত চিকিৎসকে সকলো দিশ পুংখানুপুংখভাৱে নজৰ ৰখাৰ উপৰিও আৰু কেবাগৰাকীও আহত লোকক অস্ত্ৰোপচাৰৰ বাবে সাজু কৰা হৈছে বুলি জানিবলৈ দিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক পূৰ্নিমা বৰুৱাই ।

লগতে পঢ়ক: দেৰগাঁৱৰ বালিজানত হোৱা শোকবহ পথ দুৰ্ঘটনাৰ তদন্ত কৰা হ’ব : গোলাঘাট জিলা আয়ুক্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.