Animal Bone Smuggling: বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগসহ এটা সৰবৰাহকাৰী আটক

By

Published : Mar 5, 2023, 7:44 PM IST

thumbnail

চিৰাং, 5 মাৰ্চ : চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত অব্যাহত আছে চোৰাং চিকাৰীৰ বন্যপ্ৰাণীৰ অংগ-প্ৰত্য়ংগৰ অবৈধ সৰবৰাহৰ ঘটনা (Animal Bone Smuggling in Assam)। ইয়াৰ মাজতে শনিবাৰে বিয়লি এছএছবিৰ অভিযানত বন্যপ্ৰাণীৰ বিভিন্ন অংগ-প্ৰত্য়ংগ উদ্ধাৰ কৰা হয় (Animal Bone Smuggling)। এছ এছ বিৰ কুমাৰশালিস্থিত ১৫ নং বেটেলিয়নৰ এলফা কোম্পানীৰ পৰিদৰ্শক উমেশ কুমাৰৰ নেতৃত্বত এটা এছএছবিৰ দলে ভাৰত ভূটান সীমান্তৱৰ্তী খৈৰগুৰীত অভিযান চলাই বৃহৎ পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ-প্ৰত্য়ংগ উদ্ধাৰ কৰে ৷ 

অভিযানকাৰী দলটোৱে অঞ্চুমা খেৰকটাৰী(২৫) নামৰ এটা সৰবৰাহকাৰীক আটক কৰে (One accused arrested)। উদ্ধাৰ কৰা অংগ-প্ৰত্য়ংগবোৰৰ ভিতৰত বাঘৰ ছাল, বাঘৰ লাওখোলা, বাঘৰ হাড়, হৰিণাৰ ঠেং, হৰিণাৰ ছাল, হৰিণাৰ কাণ আৰু বাঘৰ দাঁত উদ্ধাৰ কৰিবলৈ সক্ষম কৰা হয়(Tiger skin recovered)। পৰৱৰ্তী সময়ত এছ এছ বিৰ দলটোৱে ধৃত সৰবৰাহকাৰীটোৰ সৈতে বন্যপ্ৰাণীৰ অংগ-প্ৰত্য়ংগসমূহ পানবাৰী থানাত চমজাই দিয়ে।

লগতে পঢ়ক: Crime in Guwahati: হাতীগাঁও আৰক্ষীৰ জালত তীৰ খেলৰ বুকি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.