Accident in Jonai: পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে একেটা পৰিয়ালৰ তিনি সদস্যৰ

By

Published : Feb 16, 2023, 9:55 PM IST

thumbnail

জোনাই, ১৬ ফেব্ৰুৱাৰী: জোনাইত শোকাৱহ পথ দুৰ্ঘটনা (Accident in Jonai) ৷ চিমেন চাপৰি আৰক্ষী থানাৰ তেলাম লক্ষীপুৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় পথ দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত থিতাতে নিহত হয় এগৰাকী মটৰ চাইকেল আৰোহী (Road accident in Jonai)।  

ঘটনাৰ বিৱৰণী অনুসৰি জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লি ৩.৩০ বজাত ইটানগৰৰ পৰা পাছিঘাট অভিমুখে গৈ আছিল এ আৰ জে বি ২০২২ নম্বৰৰ এখন ছুইফ্ট বাহন ৷ ইফালে বিপৰীত দিশৰ পৰা অৰ্থাৎ জোনাই ছিগাৰ পৰা ডেকাপাম অভিমুখে আহি আছিল এ আৰ ০২-১০৪০ নম্বৰৰ এখন হিৰো স্প্লেণ্ডাৰ বাইক ৷ কিন্তু তেলাম লক্ষীপুৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পোৱাৰ পিচতে ছুইফ্ট বাহনখনে মহতিয়াই নিয়ে দুচকীয়া বাহনখনক (Bike accident in Jonai) ৷

দুৰ্ঘটনাৰ সময়ত হিৰো স্প্লেণ্ডাৰ বাইকখনত আছিল এটা পৰিয়ালৰ চাৰিগৰাকীকৈ লোক ৷ পিতৃ-মাতৃ আৰু দুটি কন্যা সন্তান ৷ এই দুৰ্ঘটনাৰ পিচতে থিতাতে নিহত হয় পিতৃৰ ৷ নিহত হোৱা আৰোহীজন চিমেন চাপৰি আৰক্ষী থানাৰ ডেকাপামৰ ভেলাইমৰা গাঁৱৰ বিপুল দলে (৩৪) বুলি জানিব পৰা গৈছে (Family members killed in accident in Jonai) ৷

ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বিপুল দলেৰ পত্নী ৰিংকুমণি দলে (৩০) আৰু কন্যা বৰ্ণালী দলে (৫) ৷ আহত দুয়োকে জোনাইৰ পৰা আহি থকা এখন এম্বুলেঞ্চে ডিব্ৰুগড়লৈ লৈ যায় । কিন্তু দুৰ্ভাগ্যবশতঃ হাস্পতালতেই মৃত্যু হয় মাতৃ আৰু কন্যাৰ ৷ কিন্তু সৌভাগ্যক্ৰমে এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা প্ৰাণ ৰক্ষা পৰে বিপুল দলেৰ আঢ়ৈ বছৰীয়া কন্যা সন্তানটিৰ ৷ বৰ্তমান তেলাম ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আঢ়ৈ বছৰীয়া কণমানিটিক ৷

আনহাতে, ইটানগৰৰ পৰা পাছিঘাট অভিমুখী ছুইফ্ট বাহনত অহা একেম চাৰহ (৫৫) আৰু পুতু চাৰহ(২০)ৰ হাত-ভৰি কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় । উল্লেখ্য যে, ছুইফ্ট বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে স্প্লেণ্ডাৰ বাইকখনক মহতিয়াই নিয়াৰ পিচতে পথৰ কাষতে দুজন আৰোহীয়ে স্কুটি আৰু বাইচাইকেল ৰখাই কথা পাতি থকা অৱস্থাতে স্কুটি আৰু বাইচাইকেলসহ মহতিয়াই নিয়ে আৰহী দুজনক । ফলত ৰখাই থোৱা স্কুটিখনৰ বিস্তৰ ক্ষতিসাধন হয় আৰু আৰোহী দুজনো সামান্যভানে আঘাতপ্ৰাপ্ত হয় ।

উল্লেখ্য যে, বিপুল দলেয়ে জোনাই ছিগাত সম্বন্ধীয় এঘৰৰ পৰা আলি আঃয়ে লৃগাং খাই ওভতাৰ পথতেই সংঘটিত হয় এই অনাকাংক্ষিত দুৰ্ঘটনাটো । নিমিষতে এই দুৰ্ঘটনাত শেষ হৈ যায় এটা পৰিয়ালৰ সপোন ৷

লগতে পঢ়ক: Road accident in Numaligarh: নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পত ডাম্পাৰৰ চেপাত এজনৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.