Moran Police: আলফা(স্বা)ৰ নামত ধন দাবীৰ সন্দেহত মৰাণৰ পৰা তিনিজনক আটক

By

Published : Aug 3, 2023, 10:28 AM IST

thumbnail

ডিব্ৰুগড়, 3 আগষ্ট: সমাগত স্বাধীনতা দিৱস । তাৰ প্ৰাক ক্ষণত অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী । মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৰাণ আৰক্ষীয়ে আৰম্ভ কৰিছে তালাচী ৷ বুধবাৰে নিশা ডকাইতিকাণ্ডত জড়িত থকাৰ অভিযোগত মৰাণত আৰক্ষীয়ে কৰায়ত্ব কৰে এগৰাকী মহিলাসহ তিনিজন লোকক ৷ যোৱা ৩১ জুলাইত শিৱসাগৰ জিলাৰ ডিমৌৰ পবিত্ৰ কলিতা নামৰ শিক্ষকজনৰ ঘৰত আলফা (স্বা)ৰ নামত ধন দাবী ঘটনাৰ লগত জড়িত অভিযোগত আটক তিনিজনক ৷

গৌৰীসাগৰ, ডিমৌ, নেমুগুৰি, মৰাণ আৰু মৰাণহাট আৰক্ষী থানাৰ যৌথ অভিযানত মৰাণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কৰায়ত্ব কৰে তিনিওকে ৷ আটকাধীন লোক কেইজন পবিত্ৰ ফুকন, মনয়ূৰী বৰুৱা আৰু সঞ্জীৱ ফুকন বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ অভিযানত আটক লাকুৱাৰ পবিত্ৰ ফুকন, পত্নী মনময়ূৰী বৰুৱা আৰু চেপন ৰুকাঙৰ সঞ্জীৱ ফুকন ৷  

আনহাতে, আৰক্ষীয়ে পবিত্ৰ ফুকনৰ পৰা AS06AF8373 নম্বৰৰ আৰু মনয়ূৰী বৰুৱা আৰু সঞ্জীৱ ফুকনৰ পৰা AS04AD2439 নম্বৰৰ বাহন জব্দ কৰে ৷ আটকাধীন তিনিওকে নিশাই মৰাণৰ পৰা শিৱসাগৰ আৰক্ষীয়ে ডিমৌলৈ সোধপোচৰ বাবে লৈ যায়  ৷

লগতে পঢ়ক:ULFA(I) Linkman arrested in Sonari:সোণাৰিত আৰক্ষীৰ জালত পৰিল আলফা স্বাধীনৰ লিংকমেন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.