Theft at Guwahati: কটকটীয়া নিৰাপত্তাৰ বেহু ফালি গুৱাহাটীত চোৰৰ সফল অভিযান

By

Published : Aug 15, 2023, 3:27 PM IST

thumbnail

গুৱাহাটী,15 আগষ্ট: কটকটীয়া নিৰাপত্তাৰ মাজতে নিশা মহনগৰীত চোৰৰ চাফাই অভিযান ৷ নিশা মহানগৰী ছয় মাইলত দোকানৰ চিলিং কাটি চোৰে লুটিলে চাৰি লাখ টকা ৷ অভিনন্দন ট্ৰেভেল নামৰ দোকানখনত সংঘটিত হয় এই চুৰিকাণ্ড । ব্যৱসায়ী প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি সোমবাৰে নিশা ১০ মান বজাত দোকানখন বন্ধ কৰি ঘৰলৈ গৈছিল । তাৰ পিচতে পুৱা দোকানখন খুলিবলৈ আহি চিলিং কাটি থোৱা প্ৰত্যক্ষ কৰে । 

দোকানখনৰ স্বত্বাধিকাৰীগৰাকীয়ে প্ৰথমতে সোমবাৰে নিশা অহা ভূমিকম্পৰ বাবে অনিষ্ট হোৱা বুলি অনুমান কৰিছিল ৷ যেতিয়া দোকানৰ ধন থোৱা বাকচটো খুলি ৰখা প্ৰত্যক্ষ কৰে তেতিয়াই চোৰে চাফাই অভিযান চলোৱা বুলি নিশ্চিত হয় ৷ ইফালে দোকানখনত থকা চিচিটিভি ভাঙি লৈ গ’ল চোৰে ৷ কিন্তু চোৰে চোৰ কৰি ওলাই যোৱা দৃশ্য বন্দী হৈছে অন্য স্থানত থকা CCTVত । নিশা প্ৰায় ১২.৪৫ বজাত সংঘটিত হৈছে এই ঘটনা । এই সন্দৰ্ভত দিশপুৰ থানাত এজাহাৰ দাখিল কৰিছে দোকানখনৰ স্বত্বাধিকাৰীয়ে ৷

লগতে পঢ়ক:Assam earthquake: উচ্চ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.