ETV Bharat / state

Assam earthquake: উচ্চ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

author img

By

Published : Aug 14, 2023, 8:54 PM IST

সোমবাৰে সন্ধিয়া ৰাজ্যজুৰি ৰিখটাৰ স্কেলত 5.2 কম্পনাংকৰ এক ভূমিকম্পৰ অনুভূত হয় ৷ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বাংলাদেশ ৷ অসমৰ লগতে নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰাতো অনুভূত হয় ভূমিকম্পৰ জোকাৰণি ৷

earthquake hits parts of Assam
এক প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

নিউজ ডেস্ক, 14 আগষ্ট: এক শক্তিশালী ভূমিকম্পই আজি সন্ধিয়া জোকাৰি যায় অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য ৷ সন্ধিয়া 8.19 বজাত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি ৷ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বাংলাদেশ ৷ ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল 5.2 ৷ গুৱাহাটী মহানগৰীৰ আৰু ৰাজ্যৰ আন আন ঠাইৰ লগতে নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰাতো অনুভূত হয় ভূমিকম্পৰ জোকাৰণি ৷ অৱশ্যে বৰ্তমানলৈ ভূমিকম্পত কোনো হতাহত তথা ক্ষয়-ক্ষতি হোৱাৰ তথ্য লাভ কৰিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: Earthquake review of Assam: বৃহৎ ভূমিকম্পই পুনৰ কঁপাব নেকি অসম; বিশেষজ্ঞই কি কয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.