Kedarnath Snowfall: বৰফৰ শুভ্ৰ দলিচাত জিৰাইছে কেদাৰনাথে

By

Published : Jan 19, 2023, 7:09 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বৰফৰ শুভ্ৰ দলিচাৰে ঢাকিছে কেদাৰপুৰী (Snowfall at Kdearnath Valley) ৷ শীতৰ আগমনৰ লগে লগে উত্তৰাখণ্ডৰ প্ৰসিদ্ধ ধাম কেদাৰনাথত তুষাৰপাত আৰম্ভ হৈছে ৷ বৃহস্পতিবাৰে পুৱাৰ পৰা কেদাৰনাথ ধামত প্ৰচণ্ড তুষাৰপাত হোৱাৰ ফলত মনোমুগ্ধ পৰিৱেশ সৃষ্টি হৈছে (valleys of Kedarnath beautiful due to snowfall)৷ আনকি কেদাৰনাথ ধামৰ পৰা বৈ অহা মন্দাকিনী নদীৰ মাজতো বৰফ জমা হৈছে । কেদাৰপুৰীত অৱস্থিত সকলো হোটেল, লজ আৰু ধৰ্মশালাও বৰফেৰে আবৃত হৈ পৰিছে ৷ যেন তুষাৰ আঁচলৰ আঁৰে আঁৰে পাৰ্বতীৰ সৈতে পুনৰ প্ৰেমত পৰি মগ্ন হৈছে মহাদেৱ (Kedarnath Became Beautiful Due To Snowfall) ৷  

শীতকাল হোৱাৰ লগে লগে দৰ্শনাৰ্থীৰ বাবে কেদাৰনাথ ধাম বন্ধ কৰি ৰখা হয় ৷ কেদাৰনাথৰ এই মনোমোহা বৰফৰ আচ্ছাদনে সকলোকে আকৰ্ষিত কৰিছে ৷ চাৰিওদিশে বৰফৰ ডাঠ প্ৰলেপৰ ফলত কেদাৰনাথ মন্দিৰৰ সৌন্দৰ্য দুগুণে বৃদ্ধি হৈছে । ডিচেম্বৰ মাহলৈকে ধামত তুষাৰপাত হোৱা নাছিল যদিও জানুৱাৰী মাহ পৰাৰ লগে লগে তুষাৰপাতে আটকধুনীয়াকৈ সজাই তুলিছে কেদাৰনাথক ৷ বৰফৰ ডাঠ প্ৰলেপে ঢাকি পেলাইছে ৰাজপথ, ঘৰ দুৱাৰ ৷ ফলত কিছু পৰিমানে জনজীৱন ব্যাহত হৈছে ধামত ৷  

বৰ্তমান কেদাৰনাথ ধামত তিনিৰ পৰা চাৰি ফুট পৰ্যন্ত বৰফে ছানি ধৰা পৰিলক্ষিত হৈছে । ইফালে কেদাৰনাথত চলি থকা পুনৰ নিৰ্মাণৰ কাম ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে । কেদাৰনাথ ধামত আইটিবিপি আৰু আৰক্ষী কৰ্মীসকলক নিৰাপত্তা কৰ্তব্যত নিয়োজিত কৰা হৈছে ।

ৰুদ্ৰপ্ৰয়াগৰ জিলা দণ্ডাধীশ ময়ূৰ দীক্ষিতে (Rudraprayag DM Mayur Dixit)কোৱা অনুসৰি কেদাৰনাথত যথেষ্ট তুষাৰপাত হৈছে । এনে পৰিস্থিতিত, নিৰ্মাণকাৰ্য বন্ধ কৰা হৈছে । মাৰ্চ মাহলৈ বতৰ অনুকূল হ'লে নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰা হ'ব । ধামত আইটিবিপি আৰু আৰক্ষী কৰ্মী আছে, সকলোৱে নিৰাপত্তা ব্যৱস্থা চোৱাচিতা কৰি আছে । কেদাৰনাথ ধামত নিয়োজিত জোৱানসনকলৰ বাবে  সৈনিকসকলৰ  বাসস্থান আৰু খাদ্যৰ সঠিক ব্যৱস্থা কৰা হৈছে ।

উল্লেখ্য যে সম্প্ৰতি কেদাৰনাথ ধামত পুনৰ নিৰ্মাণৰ দ্বিতীয় পৰ্যায়ৰ কাম চলি আছে । ইয়াৰ ভিতৰত কিছু সম্পূৰ্ণ হৈছে যদিও বতৰৰ প্ৰতি লক্ষ্য ৰাখি অন্যান্য কামবোৰো মাৰ্চ মাহৰ পিছলৈ সম্পূৰ্ণ কৰা হ'ব  ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.