Maligaon Flyover : দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আজি মুকলি হ’ব মালিগাঁও উৰণ সেতু

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 4:08 PM IST

thumbnail

গুৱাহাটী, 30 আগষ্ট : নিৰ্মাণ সম্পূৰ্ণ উঠিল মালিগাঁও উৰণ সেতুৰ ৷ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বুধবাৰে মুকলি হ’ব উৰণ সেতুখন ৷ 30 আগষ্ট অৰ্থাৎ বুধবাৰে বিয়লি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব উৰণ সেতুখন ৷ এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে উৰণ সেতুখন মুকলি কৰিব ৷

উল্লেখ্য যে 2021 চনত মালিগাঁও উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল ৷ দুবছৰ ধৰি নিৰ্মাণ কাৰ্যৰ অন্তত মুকলি হ’বলগীয়া উৰণ সেতুখন নিৰ্মাণৰ বাবদ ব্যয়‌ কৰা‌ হৈছে 420 কোটি টকা ৷ উৰণ সেতুখনৰ দৈৰ্ঘ্য 2.6 কিলোমিটাৰ ৷ 

এই সেতুখনৰ এটা অংশ কামাখ্যা গেটৰ পৰা মালিগাঁৱৰ বৰিপাৰাৰ ৰে’লৱেৰ উৰণ সেতুৰ লগ লাগিছে ৷ মালিগাঁৱৰ পৰা‌ উৰণ সেতুখনৰ এট অংশ পাণ্ডুলৈ গৈছে ৷ আজি মুকলি হ’বলগা উৰণ সেতুখন আটকধুনীয়াকৈ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে ৷ 

লগতে পঢ়ক : Poor Road Condition: পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে প্ৰীতিপুৰবাসীক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.