ETV Bharat / state

Poor Road Condition: পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে প্ৰীতিপুৰবাসীক

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 2:23 PM IST

Poor Road Condition in Boko
পথৰ দুৰাৱস্থাৰ বাবে দুৰ্দশা ছয়গাওঁ প্ৰীতিপুৰৰ ৰাইজৰ

পথৰ দুৰাৱস্থাৰ বাবে নৰক যন্ত্ৰণা ভুগিছে ছয়গাঁও প্ৰীতিপুৰৰ ৰাইজে । স্থানীয় লোকে পথটো মেৰামতিৰ বাবে আবেদন জনায় আহিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ আক্ষেপজনক ছবি পোহৰলৈ আহিছে ৷ যাৰ বাবে নৰক যন্ত্ৰণা ভুগিছে সকলো শ্ৰেণীৰ নাগৰিকে ৷

পথৰ দুৰাৱস্থাৰ বাবে দুৰ্দশা ছয়গাওঁ প্ৰীতিপুৰৰ ৰাইজৰ

বকো, 30 আগষ্ট: পথৰ দুৰাৱস্থাৰ বাবে ছয়গাঁৱৰ একাংশ ৰাইজে ভুগিছে নৰক যন্ত্ৰণা । বছৰ বছৰ ধৰি স্থানীয় লোকে পথটো মেৰামতিৰ বাবে আবেদন জনায় আহিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ আক্ষেপজনক ছবি পোহৰলৈ আহিছে ৷ গুৱাহাটী মহানগৰীৰ পৰা কেৱল মাত্ৰ 40 কিলোমিটাৰ মান দূৰত্বত অৱস্থিত ছয়গাঁৱৰ প্ৰীতি গাঁৱৰ ৰাইজে নানান কষ্ট স্বীকাৰ কৰি পথটোৰো আহ-যাহ কৰিবলগীয়াত পৰিছে ৷

আনকি কণ-কণ শিক্ষাৰ্থীসকলেও পথটোৰ বাবে ভুগিছে হাৰাশাস্তি ৷ হাতত চেণ্ডেল লৈ বোকাময় পথৰে বিদ্যালয়লৈ যাবলগীয়া হোৱাত পাঠদানৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পৰা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

দুৰ্ভাগ্যজনক বিষয় যে, সবকা সাথ সবকা বিকাশৰ শ্লোগানেৰে শাসনৰ গাদী দখল কৰা চৰকাৰখনৰ দিনত আন বিভিন্ন ৰোগীৰ লগতে গৰ্ভৱতীসকলেও প্ৰয়োজনীয় চিকিৎসা লাভৰ পৰা বঞ্চিত হৈছে বুলি কয় ভুক্তভোগী লোকে । তথাপিও খবৰ ল’বলৈ স্থানীয় বিধায়কৰ আহৰি নাই বুলি আক্ষেপেৰে জানিবলৈ দিয়ে স্থানীয় ৰাইজে । পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে জৰুৰীকালীন সেৱা লাভৰ পৰাও বঞ্চিত হৈ অহা বুলি কয় স্থানীয় লোকে ৷

কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদ সমষ্টিৰ ৰাইজে বছৰ বছৰ ধৰি এই দুৰ্দশাৰ মাজেৰে দিন কটাইছে যদিও কোনো কাণষাৰ নাই কংগ্ৰেছ বিধায়কজনৰ । ৰাইজে কয়, "নিৰ্বাচনৰ সময়ত বিধায়কগৰাকীয়ে ভোট বিচাৰি আহে ৷ কিন্তু পৰৱৰ্তী সময়ত সমষ্টিবাসীৰ খবৰ লবলৈ সময় নাথাকে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ।"

স্বাধীনোত্তৰ 77 বছৰ অতিক্ৰম কৰাৰ পিচতো ৰাজ্যখনৰ নাগৰিকৰ এই জৰাজীৰ্ণ অৱস্থাই চৰকাৰখনৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দেখুৱাইছে ৷

লগতে পঢ়ক: Indo china conflict: চীনৰ দখলত ভাৰতৰ ভূখণ্ড; মোদীৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ নেতা ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.