Grim atmosphere at Ouphulia Tea Estate: শ্ৰমিকৰ মৃত্যুক লৈ উত্তাল ঔফুলীয়া চাহ বাগিচা

By

Published : Dec 23, 2022, 3:37 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

ডিব্ৰুগড়ৰ লেপেটকটাত চাহ ফেক্টৰীৰ কলঘৰৰ মেচিনত সোমাই আঘাতপ্ৰাপ্ত হোৱা মইনা নায়ক আজিও চিকিৎসালয়ৰ বিচনাতে সময় অতিবাহিত কৰি থকা সময়তে টিংখাঙত ঔফুলীয়া চাহ বাগিচাত সংঘটিত হ'ল আন এক ভয়ংকৰ ঘটনা(Tea worker's grisly accident in Ouphulia Tea Estate) । কলঘৰত কৰ্মৰত অৱস্থাত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱতি ল'লে চাহ বাগিচাৰ এজন শ্ৰমিকে । ১৭ ডিচেম্বৰত কলঘৰৰ চালত কাঠৰ কাম কৰি থাকোতে ওপৰৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল চুইটু পাহাৰীয়া নামৰ এজন উপ-কৰ্মচাৰীজন । লগে লগে লোকজনক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল । অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে সন্ধিয়া মৃত্যু হয় চুইটু পাহাৰীয়াৰ(Worker died in Ouphulia Tea Estate) । চুইটু পাহাৰীয়াৰ মৃত্যুৰ ঘটনা পোহৰলৈ অহাৰ লগে লগেই শুকুৰবাৰে পুৱাই উত্তপ্ত হৈ পৰে ঔফুলীয়া চাহ বাগিচা(Grim atmosphere at Ouphulia Tea Estate) । স্থানীয় বাগিচা কৰ্মচাৰী, আছা-আটছাকে ধৰি প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে ঘটনাৰ উচিত তদন্তৰ লগতে উচিত ক্ষতিপূৰণ বিচাৰি কলঘৰ ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বাগিছা কৰ্তৃপক্ষক স্মাৰকপত্ৰ প্ৰদান কৰে(Tea plantation workers staged protest) ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.