আহোমলেণ্ড, আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত মৰাণত টাইপাৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 2:26 PM IST

thumbnail

ডিব্ৰুগড়, 19 ডিচেম্বৰ  : আহোম জনগোষ্ঠীক জনজাতিকৰণৰ আৰু আহোমলেণ্ডৰ দাবীত মঙলবাৰে মৰাণত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে ৷ সংগঠনটোৰ কেইবা শতাধিক কৰ্মকৰ্তাই মৰাণৰ গড়কাপ্তানি পৰিদৰ্শন ভৱনৰ সন্মুখৰ পৰা সমদল কৰি মৰাণ নগৰৰ মাজমজিয়াৰ ট্ৰেফিক তিনিআলিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ 

বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ আৰু সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইয়ে জনজাতিকৰণৰ নামত শাসনাধিষ্ঠ বিজেপি চৰকাৰক ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে ৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে ছমাহৰ ভিতৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ 9 বছৰ উকলি গ'ল ৷ কিন্তু এইবাৰ প্ৰধানমন্ত্ৰীৰ মোদীৰ মিথ্যাচাৰ সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে টাইপাই ৷ ‘24ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোমসকলক জনজাতিকৰণৰ প্ৰদান নকৰিলে ভোট বৰ্জন কৰাৰ লগতে নিৰ্বাচনত প্ৰৱল প্ৰতিবাদৰ সন্মুখীন হ'ব বুলিও বিজেপিক সকীয়াই দিয়ে টাইপাই ৷

লগতে পঢ়ক : হিমন্ত হটাওক, অসম বচাওক শ্লোগানেৰে CPI (ML)ৰ প্ৰতিৰোধ সমদল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.