Swahid diwas: TMPK ৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হ’ল শ্বহীদ দিৱস

By

Published : Apr 22, 2023, 1:47 PM IST

thumbnail

জোনাই, 22 এপ্ৰিল : চিলাপথাৰৰ বগীবিল কাৰেং চাপৰিত শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে TMPKৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত উদযাপন কৰা হয় শ্বহীদ দিৱস । মিচিং জাতিৰ প্ৰাপ্য অধিকাৰ বিছাৰি ১৯৯৫ চনত বিলমূখত অনুষ্ঠিত চৰকাৰ বিৰোধী এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত বগা মেদক, নৰেশ টাইদ আৰু অঞ্জনা পেগুক আৰক্ষী প্ৰশাসনে  21 এপ্ৰিলৰ দিনা গুলীয়াই হত্যা কৰে ৷ তেতিয়াৰ পৰাই 21 এপ্ৰিল দিনটো মিচিং লোকসকলে শ্বহীদ হোৱা বীৰসকলৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে পালন কৰি আহিছে এই শ্বহীদ দিৱসটি  (Takam Mising Porin Kebang in Dhemaji) ।

এই শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি মহান শ্বহীদসকলৰ পৰিয়ালক মিচিং পৰম্পৰাগত সাজপাৰৰ লগতে মানপত্ৰ প্ৰদান কৰি উষ্ম সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰোপৰি কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি শুকুৰবাৰে বগীবিল দলঙৰ উত্তৰপাৰৰ কাৰেং চাপৰিৰ ষোল শ বিঘা ভূমিত পৰিৱেশ ৰক্ষাৰ উদ্দেশ্যৰে এক লাখ বৃক্ষৰোপণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় (Swahid diwas organized by TMPK) ।

লগতে পঢ়ক : Angkita Dutta controversy : 6 বছৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ পৰা বহিস্কৃত হ’ল অংকিতা দত্ত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.