স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিহালীত AJYPৰ ব্যতিক্ৰমী পদক্ষেপ

By

Published : Aug 14, 2022, 4:54 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

দেশৰ স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী (Independence day of India)। স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) উপলক্ষে ইতিমধ্যে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । অসমৰ দল-সংগঠনসমূহেও পৃথকে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বহু কাৰ্যসূচী ৰূপায়ণ কৰিছে । বিশ্বনাথ জিলাৰ বিহালীত অসম জাতীয়তাবাদী যুৱ পৰিষদে ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰিছে । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সংগঠনটোৰ পূৱ বিহালী আঞ্চলিক সমিতিৰ উদ্যোগত বেদেতীত গছপুলি ৰোপণ আৰু স্বচ্ছ অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ (Swachata abhiyan of AJYP at Behali)। হাতে হাতে ঝাড়ু লৈ সংগঠনটোৰ সদস্যসকলে প্ৰথমে অঞ্চলটোত স্বচ্ছ অভিযান চলায় । তাৰ পাছত সদস্যসকলে বিহালীৰ বিভিন্ন স্থানত গছপুলি ৰোপণ কৰে (Plantation program of AJYP at Behali)। উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি প্ৰাচুৰ্য বৰুৱাকে ধৰি আঞ্চলিক সমিতিৰ সদস্য আৰু বেদেতী বণিক সন্থাৰ বহু কেইজন সদস্য ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.