Summer dance workshop in Guwahati : নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ গ্ৰীষ্মকালীন নৃত্য কৰ্মশালা

By

Published : Jul 15, 2023, 11:19 AM IST

thumbnail

গুৱাহাটী, 15 জুলাই: গুৱাহাটীৰ সত্ৰীয়া নৃত্য শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰই 13 জুলাইৰ পৰা আৰম্ভ কৰিছে 7 দিনীয়া গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ । শিশু চেমনীয়াক বিষ্ণু-জ্যোতিৰ নিৰ্বাচিত গীতৰ ওপৰত নৃত্যৰ প্ৰশিক্ষণ দি এই দুইগৰাকী মহান মনিষীক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যেৰে কৰ্মশালাখনিৰ উদ্যোক্তসকলে আয়োজন কৰে বুলি জানিবলৈ দিয়ে ৷ বৃহস্পতিবাৰে এই কৰ্মশালাখনি আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পী, পদ্মশ্ৰী বায়নাচাৰ্য ঘনাকান্ত বৰাই ।

অনুষ্ঠানত উপস্থিত থাকে কথাশিল্পী প্ৰয়াত ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ সহধৰ্মিনী প্ৰীতি শইকীয়া আৰু সমাজসেৱিকা মণিকা ভূঞা । গুৱাহাটীৰ বিভিন্ন বিদ্যালয়ৰ পৰা শতাধিক শিশু-চেমনীয়াই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ আধাৰত আয়োজন কৰা নৃত্যৰ প্ৰশিক্ষণটিত অংশগ্ৰহণ কৰা বুলি আয়োজকসকলে জানিবলৈ দিয়ে ৷ 

এসপ্তাহজোৰা এই কৰ্মশালাত সত্ৰীয়া নৃত্য, আধুনিক নৃত্যৰ প্ৰশিক্ষণ দিয়া হ’ব বুলি জানিবলৈ দিয়ে নৃত্য প্ৰতিষ্ঠানখনিৰ মুখ্য পৰিচালিকা তুলিকা ভূঞা বৰুৱাই ।

লগতে পঢ়ক : Manipur violence : মণিপুৰত তদন্ত আয়োগৰ অধ্যক্ষ ন্যায়াধীশ অজয় ​​লাম্বা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.