District wise sports meet : বাৰেকুৰিত জিলাভিত্তিক ক্ৰীড়া সমাৰোহৰ সফল সামৰণি

By

Published : Aug 17, 2023, 10:54 PM IST

thumbnail

তিনিচুকীয়া, ১৭ আগষ্ট : বাৰেকুৰি আঞ্চলিক ক্ৰীড়া সন্থা আৰু বাৰেকুৰি আঞ্চলিক নাৰী সুৰক্ষা সমিতিৰ যুটীয়া উদ্যোগত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত লেছেংকা উদয়ন যুৱ সংঘ আৰু লেছেংকা মহিলা সমিতিৰ সহযোগত তিনিচুকীয়া জিলা ভিত্তিত আয়োজন কৰা ক্ৰীড়া সমাৰোহৰ আজি সফল সামৰণি পৰে ৷ 

যুৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰা আৰু গ্ৰাম্য ক্ৰীড়াই আগস্থান পোৱাৰ স্বাৰ্থত ১৬ আৰু ১৭ আগষ্টত লেছেংকা, তৰাজান-ডেংকা আৰু হাতীগড় ৰাজহুৱা খেলপথাৰত দুদিনীয়াকৈ আয়োজন কৰা হয় এই ক্ৰীড়া সমাৰোহৰ ৷  

দৌৰ, লং জাম্প, হাই জাম্প, ডিচ্‌কাছ, শ্ব’টপুটকে আদি কৰি বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰাৰ পাছত বৃহস্পতিবাৰে খেলুৱৈসকলক উৎসাহ প্ৰদান কৰাৰ বাবে বহুসংখ্যক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আয়োজন কৰা হয় এক বঁটা বিতৰণী অনুষ্ঠানৰ ৷

লগতে পঢ়ক : Death anniversary of Taburam Tide: জোনাইত শিক্ষাবিদ লেখক টাবুৰাম টাইডৰ মৃত্যু তিথি উদযাপন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.