Stray cows freely roaming on the NH 37:ৰাজপথত উদঙীয়া গৰুৰ সমদল, বাহন-চালক-যাত্ৰীৰ আহুকাল

By

Published : Jul 20, 2023, 8:55 PM IST

thumbnail

কলিয়াবৰ, 20 জুলাই : কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দৈনিক এজাক গৰুৰ মুক্ত বিচৰণৰ বাবেই সঘনে সংঘটিত হৈছে পথ দুৰ্ঘটনা । পথৰ মাজত বিচৰণ কৰা গৰু জাকবোৰৰ বাবে বহু বিপদৰ সন্মুখীন হোৱাৰ অভিযোগ তুলিছে পথচাৰীয়ে । ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া উদঙীয়া গৰুৰ অবাধ বিচৰণস্থলীলৈ পৰিৱৰ্তন হৈছে কলিয়াবৰত ৷

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ আগে-আগে গৰুৰ লয়-লাস ভঙ্গী এতিয়া দৈনিক দেখিবলৈ পোৱা যায় । পথৰ কাষত গৰুৰ মুক্ত বিচৰণত অসুবিধাৰ সন্মুখীন হৈছে উজনি-নামনি যাত্ৰী-চালক । কলিয়াবৰৰ আমগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত গৰুৰ মুক্ত বিচৰণে বিপদত পেলাইছে চালকসকলক ।

একাংশ লোকে গৰুসমূহ চৰিবলৈ মুকলিকৈ এৰি দিয়ে, যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত গাড়ী চালকৰ অসুবিধা হয় । প্ৰায়েই উক্ত স্থানত গৰু জাকসমূহে বিপদত পেলায় পথচাৰীক । একাংশ গো-পালকে বিষয়টো গুৰুত্ব নিদিয়াৰ বাবেই দৈনিক পুৱা ৯ মান বজাৰ পৰা বিয়লি ৫ মান বজালৈকে পথৰ মাজত অৱস্থান কৰে গৰুৰ জাকবোৰে । যাৰ বাবে বিপদত পৰিছে চালকসকল ।

লগতে পঢ়ক : Poor road condition: পথৰ দুৰৱস্থা, ঠেলাৰে কঢ়িয়াইছে ৰোগীক

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.