ETV Bharat / state

Poor road condition: পথৰ দুৰৱস্থা, ঠেলাৰে কঢ়িয়াইছে ৰোগীক

author img

By

Published : Jul 19, 2023, 4:58 PM IST

ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিতেই ধোঁৱাচাঙত উঠিছে উন্নয়ন ৷ বছৰ বছৰ ধৰি গড়কাপ্তানী বিভাগৰ পথৰ বাবেই বৰ্তমান জীয়াতু ভুগিব লগা হৈছে কলিয়াবৰৰ মহকুমাৰ হাতীগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত হাটবাগানবাসী ৷

Poor road condition at kaliabor
পথৰ দুৰৱস্থা, ঠেলাৰে কঢ়িয়াইছে ৰোগীক

পথৰ দুৰৱস্থা, ঠেলাৰে কঢ়িয়াইছে ৰোগীক

কলিয়াবৰ, 19 জুলাই : হায়! উন্নতি ৷ এফালে ৰাজ্যজুৰি উন্নয়নৰ ঢাকঢোল বজাই থকাৰ সময়তে খোদ ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিতেই ধোঁৱাচাঙত উঠিছে উন্নয়ন ৷ বছৰ বছৰ ধৰি গড়কাপ্তানী বিভাগৰ পথৰ বাবেই বৰ্তমান জীয়াতু ভুগিব লগা হৈছে কলিয়াবৰৰ মহকুমাৰ হাতীগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত হাটবাগানবাসী ৷ নিজৰি গাঁৱৰ পৰা হাটবাগান সংযোগী পথটোৰ দুৰৱস্থাৰ বাবে সাধাৰণ মানুহো খোজ কাঢ়ি যোৱাতো অসুবিধাৰ সন্মুখীন হৈছে ৷

আনকি কোনো লোকৰ জৰুৰীকালীন অৱস্থাত 108 সেৱাও সোমাব নোৱাৰে পথটোৱেৰে ৷ সেয়ে ৰোগীক ঠেলাত চিকিৎসালয়লৈ লৈ যোৱাৰ এক দুৰ্ভাগ‍্যজনক ঘটনা সংঘটিত হৈছে ৷ বুধবাৰে সত্তৰৰ উৰ্দ্ধৰ এগৰাকী মহিলাক গাঁওবাসীয়ে ঠেলাত উঠাই প্ৰায় দুই কিলোমিটাৰ পথ ঠেলি অনা দৃশ্যই বাস্তৱিকতে ৰাজ‍্যখনৰ উন্নয়নৰ প্ৰকৃত স্বৰূপটো দাঙি ধৰিছে ৷

বিগত ত্ৰিশ বছৰৰো অধিক সময় পথছোৱাৰ মাজত সৃষ্টি হোৱা বৃহৎ গাঁতে বিপদত পেলাইছে অঞ্চলবাসীক ৷ সেয়ে স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক পথছোৱা মেৰামতি কৰি দিবলৈ অনুৰোধ কৰিছে গাঁওবাসীয়ে ৷ 1985 চনত গঠন হোৱা তদানীন্তন অগপ চৰকাৰৰ দিনত এই গাঁৱলীয়া পথছোৱা শিল-বালিৰে নিৰ্মাণ কৰাৰ পাচত মেৰামতিৰ অভাৱত যাতায়তৰ অনুপযোগী হৈ উঠিছে ৷

গাঁওবাসীয়ে জনোৱা মতে, গাঁওবাসীৰ অনুৰোধ মৰ্মে মাত্ৰ এবাৰ পথটোৰ কিছু মেৰামতি হৈছিল যদিও তাৰ পাচত কাৰো দেখা-দেখি নাই ৷ স্বয়ং মন্ত্ৰী কেশৱ মহন্তক ব‍্যক্তিগতভাৱে গাঁওবাসীয়ে পথছোৱা পকীকৰণৰ বাবে অনুৰোধ কৰাৰ পাচতো এই পৰ্যন্ত কোনো সুফল নাপালে বুলি আক্ষেপ কৰে ৷ আনকি স্থানীয় পঞ্চায়ত প্ৰতিনিধিকো পথটোৰ সন্দৰ্ভত বাৰম্বাৰ কৈ অহা হৈছে যদিও গাঁওবাসীৰ এই সমস্যাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগমুখৰ হৈ পৰে গাঁওবাসী ৷

লগতে পঢ়ক: Dilapidated road in Tingkhong: ৬ বছৰে সম্পূৰ্ণ নহ'ল টিংখাঙৰ এটা গুৰুত্বপূৰ্ণ পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.