Son assault Mother: লাঠীৰে কোবাই কোবাই মাতৃক প্ৰহাৰ কুলাংগাৰ পুত্ৰৰ

By

Published : Aug 7, 2023, 3:53 PM IST

thumbnail

গুৱাহাটী, ৭ আগষ্ট: পুনৰ গুৱাহাটী মহানগৰীত কুলাংগাৰ পুত্ৰৰ জঘন্য কাণ্ড। খুঁটাত বান্ধি জন্মদাত্ৰী মাতৃক গুৰুলা গুৰুলকৈ প্ৰহাৰ । কুলাংগাৰ পুত্ৰজনৰ নাম সমৰজ্যোতি ভৰালী বুলি জানিব পৰা গৈছে ৷

আনকি সমৰে প্ৰহাৰ কৰিয়েই ক্ষান্ত নাথাকি মাতৃৰ গাত ঢালি দিয়ে গৰম পানী। এই ঘটনা সংঘটিত কৰি বৃদ্ধা মাতৃক চোতালত ৰছীৰে বান্ধি থৈ দিয়ে পুত্ৰই। মহানগৰীৰ হেঙেৰাবাৰীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপতে সংঘটিত হৈছে এই জঘন্য কাণ্ড। 

জানিব পৰা মতে সমৰজ্যোতি ভৰালীয়ে প্ৰতিদিনে সংঘটিত কৰি আহিছিল এই কাণ্ড। দেওবাৰৰ দিনটোতো প্ৰতিদিনৰ দৰেই সমৰে নিজ মাতৃক প্ৰহাৰ কৰিছিল ৷ মাতৃক প্ৰহাৰ কৰা এই দৃশ্য কোনো লোকে ৰেকৰ্ড কৰি প্ৰচাৰ কৰি দিছিল ৷ এই ভিডিঅ’ প্ৰচাৰ হোৱাৰ পিচতে তৎপৰ হৈছে গুৱাহাটী আৰক্ষী। 

আৰক্ষীয়ে ইতিমধ্যে সমৰজ্যোতি ভৰালীক আটক কৰিছে। স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি সমৰে এদিন দুদিন নহয় প্ৰতিদিনে বছৰ বছৰ ধৰি এনেদৰে অত্যাচাৰ চলাই আহিছিল নিজ মাতৃক ৷

লগতে পঢ়ক: Lakhimpur Town: লখিমপুৰ নগৰৰ মাজ মজিয়াত বাগৰিল বৃহৎ গছ; দুখন দোকানৰ ক্ষতিসাধন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.