Murder in Nalbari: ঘগ্ৰাপাৰত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 12:35 PM IST

thumbnail

নলবাৰী, 3 আগষ্ট : নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত কয়াকুছিত চাঞ্চল্যকৰ ঘটনা  ৷ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ  ৷ শনিবাৰে নিশা ৰূপম কলিতা নামৰ যুৱকজনে মাতৃক অতি নৃশংসভাৱে হত্যা কৰি গাপ দিয়াৰ চেষ্টা কৰে ৷  স্থানীয় লোকৰ ভাষ্য অনুসৰি দীৰ্ঘদিন ধৰি ৰূপম কলিতাই বৃদ্ধা মাতৃক নিৰ্যাতন চলাই আহিছিল ৷ শনিবাৰে নিশা আন দিনাৰ দৰে বৃদ্ধ মাতৃক অত্যাচৰ চলাই ৷ ফলত মৃত্যু হয় দুৰ্ভগীয়া মাতৃ কামিনী কলিতা ৷ জানিব পৰা মতে ৰূপমে চোকা অস্ত্ৰ আৰু ঘুচিয়াই ঘুচিয়াই মাতৃক  হত্যা কৰি গাপ দিয়াৰ চেষ্টা কৰিছিল  ৷ 

কিন্তু স্থানীয় লোকৰ তৎপৰতাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আৰক্ষীক খৱৰ দিয়ে ৷ ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত ঘগ্ৰাপাৰ আৰক্ষী উপস্থিত হৈ আটক কৰে মাতৃ হত্যাকাৰী ৰূপম কলিতাক ৷ এই ঘটনাক লৈ সমগ্ৰ ঘগ্ৰাপাৰ অঞ্চলতেই এক চাঞ্চল্যই বিৰাজ কৰিছে ।  

লগতে পঢ়ক:Protest in Nalbari : মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি নলবাৰীত জিলা যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.