Protest in Nalbari : মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি নলবাৰীত জিলা যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 6:13 PM IST

thumbnail

নলবাৰী, 31 আগষ্ট : চাকৰিৰ কেলেংকাৰীত নাম সাঙোৰ খোৱা বিজেপিৰ শীৰ্ষ নেতাসকলক তদন্তৰ আঁওতালৈ অনাৰ দাবীত বৃহস্পতিবাৰে নলবাৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত জিলা যুৱ কংগ্ৰেছে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৷ বিজেপি গ’ বেক , হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ , জয়ন্ত মল্ল বৰুৱা মূৰ্দাবাদ আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি, চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে নলবাৰী চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷

নলবাৰী ৰাজীৱ ভৱনৰ পৰা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰাৰ পিছতেই আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে আটক কৰে ৷ প্ৰতিবাদস্থলীতে আটক হয় যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুবেইৰ আনম মজুমদাৰসহ কেইবাগৰাকীও প্ৰতিবাদকাৰী ৷ 

লগতে পঢ়ক : Congress VS BJP: মই মুখ খুলিলে কংগ্ৰেছৰ গাৰ কাপোৰ নোহোৱা হ’ব; পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.