Smuggled timber seized: সোণাৰিত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ আটক এজন

By

Published : Feb 9, 2023, 9:43 AM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

ডিব্ৰুগড়, 9 ফেব্ৰুৱাৰী: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়াও অব্যাহত আছে বন ধ্বংসযজ্ঞ (Deforestation in Assam Forests) । বনাঞ্চল ধ্বংস কৰি একাংশই চলাই গৈছে কাঠৰ চোৰাং ব্যৱসায় । ক’ৰবাত যদি বন বিভাগৰ চকুত ধূলি দি চোৰাং কাঠৰ অবৈধ বেহা চলাই গৈছে, আন ক’ৰবাত আকৌ বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ ছত্ৰছায়াতেই চলিছে কাঠৰ অবৈধ বেহা ৷

এয়া আমি কোৱা কথা নহয়, বিভিন্ন সময়ত গ্ৰেপ্তাৰ হোৱা কাঠৰ চোৰাং ব্যৱসায়ীৰ লগত ৰাজ্যৰ বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ নাম সাঙুৰ খাই পৰাই ইয়াক প্ৰমাণিত কৰি আহিছে ৷ শেহতীয়াকৈ চৰাইদেউ জিলাৰ সোণাৰিতো কাঠৰ চোৰাং ব্যৱসায় চলি থকাৰ তথ্য পোহৰলৈ আহিছে ৷ অৱশ্যে এই ক্ষেত্ৰত পূৰ্বতকৈ অধিক সষ্টম হৈছে চৰাইদেউ বন বিভাগ ।

চৰাইদেউস্থিত বন কৰ্মচাৰীৰ সতৰ্কতাৰ বাবে মঙলবাৰে সোণাৰিত জব্দ হ’ল বৃহৎ পৰিমাণৰ চোৰাংভাৱে সৰবৰাহ কৰা কাঠ (Smuggled timber in Sonari) ৷ শেহতীয়াকৈ সোণাৰিত কাঠৰ অবৈধ সৰবৰাহ হৈ থকাৰ তথ্য লাভ কৰিছিল চৰাইদেউ বন বিভাগে (Charaideo Forest Department) ৷ 

এই খবৰ লাভ কৰাৰ পাছতে মঙলবাৰে বন বিভাগৰ এটা দলে সোণাৰিৰ নিকটৱৰ্তী গড়মূৰ অঞ্চলত অভিযান চলায় ৷ অভিযান কালত সোণাৰিৰ নিকটৱৰ্তী গড়মূৰ অঞ্চলৰ পৰা দলটোৱে বৃহৎ পৰিমাণৰ কাঠভৰ্তি এখন বাহন জব্দ কৰাৰ লগতে চালকজনকো আটক কৰিবলৈ সক্ষম হয়  ৷

বন বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া অনুসৰি, আটক হোৱা ৰাজু গগৈ নামৰ চালকজনে নিজা বাহনেৰেই জব্দকৃত কাঠখিনি সৰবৰাহ কৰিছিল ।  বাহনখনত আছিল প্ৰায় ৭১ পিছ কাঠ ৷ কাঠখিনিৰ বজাৰ মূল্য প্ৰায় এক লাখ টকা হ’ব বুলি জনায় বন বিষয়াগৰাকীয়ে । আটকাধীন ৰাজু গগৈয়ে দিয়া স্বীকাৰোক্তি অনুসৰি সাপেখাতীৰ পৰা শিমলুগুৰিলৈ মূল্যৱান কাঠসমূহ কঢ়িয়াই নিয়াৰ পৰিকল্পনা কৰিছিল ৰাজুয়ে ৷ অৱেশ্যে বন বিভাগৰ তৎপৰতাত জব্দ হয় কাঠখিনি (Forest department seized smuggled timber in Sonari) ৷

এই সন্দৰ্ভত অধিক তথ্যৰ বাবে বন বিভাগৰ বিষয়াই অনুসন্ধান চলাই থকাৰ লগতে আগন্তুক দিনতো এনেধৰণৰ অভিযান চলাই যাব বুলি উল্লেখ কৰিলে বন বিষয়াগৰাকীয়ে ৷ উল্লেখযোগ্য যে চৰাইদেউত কেৱল কাঠেই নহয়, জিলাখনত শিল, বালি, কয়লাৰ অবৈধ বেহা চলি থকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে স্থানীয় বিভিন্ন মহলে । কিছুদিন পূৰ্বে অৰ্থাৎ চলিত বৰ্ষৰ জানুৱাৰী মাহত সোণাৰি আঞ্চলিক বন বিভাগে জব্দ কৰিছিল অবৈধভাৱে শিল কঢ়িওৱা দুখনকৈ ডাম্পাৰ ।

লগতে পঢ়ক: Smuggling timber seized in Chirang: ৰিপু সংৰক্ষিত বনাঞ্চলত চোৰাং কাঠ জব্দ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.