BJP meeting in Sivsagar : বিজেপিৰ সভালৈ নোযোৱাৰ বাবে পূৰ্ণিমা-টমাছক বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰাৰ অভিযোগ

By

Published : Jun 19, 2023, 2:20 PM IST

Updated : Jun 19, 2023, 4:03 PM IST

thumbnail

আমগুৰি, ১৯ জুন : শিৱসাগৰৰ গৌৰীসাগৰত অঘটন ৷ দেওবাৰে শিৱসাগৰত আয়োজিত বিজেপিৰ মহা সভালৈ নোযোৱাই কাল হ’ল পেটে-ভাতে খাই থকা এটা পৰিয়ালৰ বাবে ৷ অভিযোগ অনুসৰি, দেওবাৰে আয়োজিত বিজেপিৰ সভালৈ নগৈ গৌৰীসাগৰৰ চাৰিং কাকতি গাঁৱৰ পূৰ্ণিমা চাংমাই আৰু টমাছ চাংমাই নাম নামৰ দম্পতীটোৱে গৈছিল হাজিৰা কৰিবলৈ ৷

বিজেপি সভালৈ নগৈ কামলৈ যোৱাৰ বাবেই বিজেপি কৰ্মী অংশুমান বৰাই পূৰ্ণিমা চাংমাই আৰু টমাছ চাংমাইক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযুক্ত বিজেপি কৰ্মী অংশুমান বৰাৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় দম্পতীটো ৷ আনকি বিজেপি কৰ্মীজনৰ প্ৰহাৰত আহত হোৱা পূৰ্ণিমা চাংমাইক অতি সংকটজনক অৱস্থাত শিৱসাগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত গৌৰীসাগৰ আৰক্ষী থানাতো দাখিল কৰিছে এক এজাহাৰ । এই ঘটনাক কেন্দ্ৰ কৰি সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক : BJP meeting in Jorhat; মোদী শাসনকালত বিদেশত ভাৰতৰ সন্মান বহুগুণ ওপৰত আছে: জে পি নাড্ডা

Last Updated : Jun 19, 2023, 4:03 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.