ETV Bharat / state

BJP meeting in Jorhat; মোদী শাসনকালত বিদেশত ভাৰতৰ সন্মান বহুগুণ ওপৰত আছে: জে পি নাড্ডা

author img

By

Published : Jun 19, 2023, 7:31 AM IST

30 মে’ত বিজেপি চৰকাৰে সম্পূৰ্ণ কৰিলে 9 বছৰ ৷ সেই বৰ্ষপূৰ্তি উপলক্ষে দেশজুৰি বিজেপিয়ে আৰম্ভ কৰিছে জনসম্পৰ্ক ৰক্ষা অভিযান ৷ এই অভিযানৰ অংশ স্বৰূপে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই যোৰহাট পিতাম্বৰ দেৱগোস্বামী প্ৰেক্ষাগৃহ প্ৰাংগণত আয়োজন কৰা এক কাৰ্যকতা সন্মিলনত অংশগ্ৰহণ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

J P Nadda in Jorhat
বিজেপি চৰকাৰে 30 মে’ত সম্পূৰ্ণ কৰিলে 9 বছৰ

বিজেপি চৰকাৰে 30 মে’ত সম্পূৰ্ণ কৰিলে 9 বছৰ

যোৰহাট, 19 জুন : ‘‘আজি দেশে মোদী চৰকাৰ শাসন কালত অভূতপূৰ্ব সফলতা লাভ কৰিছে ৷ সেয়া দেশবাসীয়ে নিজেই প্ৰত্যক্ষ কৰিছে । মোদী শাসনকালত বিদেশত ভাৰতৰ সন্মান বহুগুণ ওপৰত আছে । মোদী শাসন কালত দেশে যাতায়ত ক্ষেত্ৰত তথা উন্নয়ন ক্ষেত্ৰত ঈৰ্ষণীয় সফলতা লাভ কৰিছে ৷ ফলত দেশে 2014 চনৰ পৰা 2023 বৰ্ষলৈ দেশ বিকাশৰ বাবে লাখ লাখ কোটি টকা খৰচ কৰিছে ৷’’ এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ৷

উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰে 30 মে’ত সম্পূৰ্ণ কৰিলে 9 বছৰ । বিজেপি চৰকাৰৰ 9 বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে বিভিন্ন উন্নয়ন আৰু বিভিন্ন কৰ্মৰাজি ৰাইজৰ মাজলৈ লৈ যোৱা প্ৰতিশ্ৰুতিৰে দেশজুৰি আৰম্ভ কৰিছে জনসম্পৰ্ক ৰক্ষা অভিযান । এই অভিযানৰ অংশ হিচাপে বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই যোৰহাট পিতাম্বৰ দেৱগোস্বামী প্ৰেক্ষাগৃহ প্ৰাংগণত আয়োজন কৰা কাৰ্যকৰ্তা সন্মিলনত অংশ গ্ৰহণ কৰে ৷

এই সভাতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে মোদী চৰকাৰৰ 9 বছৰীয়া শাসনত দেশে লাভ কৰা বৰ্ণিল মুহূৰ্তসমূহৰ বিৱৰণ দিয়ে ৷ দেওবাৰে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই যোৰহাট ক্ৰীড়া সংগঠক ৰক্তিম শইকীয়া, পৰিৱেশবিদ শান্তা শৰ্মা, চিকিৎসক পংকজ বৰুৱা আৰু ব্যৱসায়ী ওম প্ৰকাশ গাট্ৰানীকো সাক্ষাৎ কৰি 9 বছৰীয়া মোদী চৰকাৰ কাৰ্যক্ৰমণিকাসমূহৰো বিৱৰণ দিয়ে ৷ লগতে কি কি ক্ষেত্ৰত চৰকাৰে আৰু অধিক গুৰুত্ব দিয়া উচিত সেই সন্দৰ্ভতো উক্ত ব্যক্তিকেইজন পৰা পৰামৰ্শ গ্ৰহণ কৰে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ।

উল্লেখ্য যে, বিজেপিয়ে সমগ্ৰ দেশত জনসম্পৰ্ক ৰক্ষা অভিযানৰ জৰিয়তে বিজেপি চৰকাৰে 9 বছৰে কৰা কাম-কাজ আৰু কাৰ্য বিৱৰণ লৈ গৈছে ৰাইজ কাষলৈ ৷ বিজেপিয়ে জনসম্পৰ্ক অভিযান জৰিয়তে সমগ্ৰ দেশতে লোকসভা নিৰ্বাচন ৰণডংকা বজোৱাৰ এক কৌশল হিচাপে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । বিজেপিৰ এই জনসম্পৰ্ক ৰক্ষা অভিযানে আগন্তুক 2024 লোকসভা নিৰ্বাচনত কি প্ৰভাৱ পেলায় সেয়া সময়তহে হ'ব লক্ষ্যণীয় ৷

লগতে পঢ়ক : J P Nadda in Jorhat: প্ৰকৃতিবিদ শান্তা শৰ্মাক সাক্ষাৎ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.