ETV Bharat / state

J P Nadda in Jorhat: প্ৰকৃতিবিদ শান্তা শৰ্মাক সাক্ষাৎ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ

author img

By

Published : Jun 18, 2023, 10:11 PM IST

BJP Maha Sampark Abhiyan
জেপি নাড্ডাই সাক্ষাৎ কৰিলে যোৰহাটৰ বিশিষ্ট প্ৰকৃতিবিদ শান্তা শৰ্মাক

যোৰহাটত উপস্থিত বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ জেপি নাড্ডাই সাক্ষাৎ কৰিলে যোৰহাটৰ বিশিষ্ট প্ৰকৃতিবিদ শান্তা শৰ্মাক ৷ পৰিৱেশৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান পৰিৱেশবিদ শান্তা শৰ্মাৰ ৷

জেপি নাড্ডাই সাক্ষাৎ কৰিলে যোৰহাটৰ বিশিষ্ট প্ৰকৃতিবিদ শান্তা শৰ্মাক

যোৰহাট, 18 জুন : যোৰহাটত উপস্থিত বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ৷ জেপি নাড্ডাই সাক্ষাৎ কৰিলে যোৰহাটৰ বিশিষ্ট প্ৰকৃতিবিদ শান্তা শৰ্মাক ৷ বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰে 30 মে’ত 9 বছৰ সম্পূৰ্ণ কৰিলে । বিজেপি চৰকাৰৰ 9 বছৰ সম্পূৰ্ণ হোৱা উপলখে বিভিন্ন উন্নয়ন আৰু বিভিন্ন কৰ্মৰাজি ৰাইজৰ মাজলৈ লৈ যোৱা প্ৰতিশ্ৰুতিৰে দেশজুৰি আৰম্ভ কৰিছে জনসম্পৰ্ক ৰক্ষা অভিযান ।

এই অভিযানৰ অংশ হিচাপে বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই যোৰহাট ফুকন আলিত থকা বিশিষ্ট পৰিৱেশবিদ শান্তা শৰ্মা বাসগৃহত উপস্থিত হয় ৷ বিজেপি চৰকাৰে ৯ টা বছৰে কৰাৰ কাৰ্যাকলাপ সম্পৰ্কে বিৱৰণ দিয়া লগতে শান্তা শৰ্মাৰ পৰা বিভিন্ন পৰামৰ্শ বিচাৰে বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডাই । ইফালে পৰিৱেশবিদ শান্তা শৰ্মাই ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎৰ পাচতে জীৱনত পাবলগীয়া এটা ভাল কাম লাভ কৰিলো বুলি উল্লেখ কৰে ৷

পৰিৱেশবিদ শান্তা শৰ্মাই বিজেপি সভাপতি গৰাকীক পৰিৱেশৰ ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ লগতে পৰিৱেশৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায় ৷ ‘‘বিশেষ একো কথা নাপাতিলে ৷ ঘৰত কোন কোন আছে সেয়া সুধিলে আৰু আপুনি আগতে কেনেকৈ জীৱন সংগ্ৰাম কৰিছিল সেয়া আমি জানো ৷ ই ভাবিছিলো মোৰ পৰা সমাধান বিছাৰিব বুলি কিন্তু একো নকলে ৷’’ পৰিৱেশবিদ শান্তা শৰ্মাই কয় ৷

উল্লেখ্য যে, বিজেপিয়ে সমগ্ৰ দেশত জনসম্পৰ্ক ৰক্ষা অভিযানৰ জৰিয়তে বিজেপি চৰকাৰে 9 বছৰে কৰা কাম কাজ আৰু কাৰ্য বিৱৰণ লৈ গৈছে ৰাইজ ওচৰলৈ ৷ বিজেপিয়ে জনসম্পৰ্ক অভিযান জৰিয়তে সমগ্ৰ দেশত লোকসভা নিৰ্বাচন ৰণডংকা বজোৱা এক কৌশল হিচাপে গ্ৰহণ কৰিছে বিজেপিয়ে । বিজেপিৰ এই জনসম্পৰ্ক ৰক্ষা অভিযানে আগন্তুক ২০২৪ লোকসভা নিৰ্বাচনত কি প্ৰভাৱ পেলায় সেয়া সময়ত লক্ষ্যণীয় হ'ব ৷ ইফালে ৰাইজ পৰাও বিভিন্ন পৰামৰ্শ বিচাৰিছে বিজেপিয়ে ।

লগতে পঢ়ক:MLA Atul Bora on NHPC : NHPC ক কঠোৰ সকীয়নী দিছপুৰৰ বিধায়ক অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.