ETV Bharat / state

MLA Atul Bora on NHPC : NHPC ক কঠোৰ সকীয়নী দিছপুৰৰ বিধায়ক অতুল বৰাৰ

author img

By

Published : Jun 18, 2023, 2:24 PM IST

Dispur MLA Atul Bora warns NHPC
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত খহনীয়াৰ ভয়াৱহতা

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত খহনীয়াৰ ভয়াৱহতা । এন এইচ পি চি কৰ্তৃপক্ষক মিছা নামাতিবলৈ সতৰ্ক কৰি দিলে বিধায়ক বৰাই । ল’ৰা-ধেমালি নকৰিব । ফাঁকি নিদিব । আচল সত্যক ঢকাৰ চেষ্টা নকৰিব । মানুহৰ জীৱনৰে খেলা নকৰিব ।

গুৱাহাটী, ১৮ জুন : মিছাৰ আশ্ৰয় লোৱা NHPC ক সকীয়াই দিলে শাসকীয় দলৰ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই । ভুল তথ্যৰে মিছা কথা কৈ মানুহৰ জীৱনৰে খেলা নকৰিবলৈ এক প্ৰকাৰ ধমক দি বিধায়ক অতুল বৰাই এন এইচ পি চিক সকীয়াই দিয়ে । উল্লেখ্য যে, ৰাজ্যত প্ৰথমটো বানে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীৰ পাহাৰ খহি অহাত বিনিদ্ৰ ৰজনী কটাইছে সেই অঞ্চলৰ ৰাইজে । এই ভয়ংকৰ বিপদৰ আগজাননী লাভ কৰাৰ পাচতো নীৰৱে আছিল এন এইচ পি চি কৰ্তৃপক্ষ ।

একেদৰে সকলো জানিও নীৰৱ তথা মৌন হৈ আছে ধেমাজি, লখিমপুৰ আৰু ঢকুৱাখানাৰ জনপ্ৰতিনিধি । লক্ষণীয় বিষয় যে, NHPC আশীৰ্বাদ নে অভিশাপ তাক লৈ দীৰ্ঘদিনীয়া বিতৰ্ক অব্যাহত থকাৰ সময়তে গেৰুকামুখৰ পাহাৰ খহা দেখি সকলো শংকিত হৈ পৰিছে । উল্লেখ্য যে, এন এইচ পি চিৰ অসমৰ বাবে অভিশপ্ত হ'ব বুলি অসমৰ বিশেষজ্ঞই নামনী জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ সময়তে সকীয়াই দিছিল । সকীয়াই দিছিল যে বৃহৎ নদীবান্ধটোৰ ভাৰ ল’ব নোৱাৰিব ঠুনুকা পাহাৰে ৷

বিভিন্ন দল সংগঠনেও ব্যাপক আন্দোলন গঢ়ি তোলিছিল । কিন্তু ৰাজ্যবাসীৰ সকলো প্ৰতিবাদ নেওচি এন এইচ পি চিয়ে অৱশেষত বান্ধটোৰ কাম প্ৰায় সম্পূৰ্ণ কৰিলে । ২০২৪ চনৰ জানুৱাৰীৰ পৰা প্ৰকল্পটোৰ পৰা আৰম্ভ হ’ব বিদ্যুৎ উৎপাদন । কিন্তু বিদ্যুৎ উৎপাদনৰ প্ৰাকঃক্ষণত CENTRAL ELECTRICITY AUTHORITY এ প্ৰকল্প কাৰ্যক্ষম হোৱাৰ পূৰ্বে পাহাৰৰ খহনীয়া পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ নিৰ্দেশনা দিছিল । কিন্তু ৰাইজক এইক্ষেত্ৰত অন্ধকাৰত ৰাখি সেই নিৰ্দেশনাক গুৰুত্ব নিদি কাম আগুৱাই নিয়াৰ ফলত এতিয়া গেৰুকামুখ পাহাৰ খহি বন্ধ হৈছে এখনৰ পাচত আনখন সোঁত পৰিৱৰ্তনকাৰী দ্বাৰ ।

বান্ধটো কাৰ্যক্ষম হৈ উঠিলে পৰিস্থিতি কি ভয়ংকৰ হ’ব সেয়া বৰ্তমানৰ পৰিস্থিতিৰ দ্বাৰা সহজতে অনুমান কৰিব পাৰি । গেৰুকামুখ পাহাৰ খহি আহি বন্ধ হৈ গৈছে DIVERSION WALL সমূহ । যদিহে প্ৰকল্প কাৰ্যক্ষম হওঁতে পাহাৰ খহি টানেল বন্ধ হয়, তেন্তে পৰিস্থিতি অধিক ভয়াৱহ হ’ব । এই সকলোবোৰ কথা জানিও নীৰৱ হৈ মিছাৰ আশ্ৰয় লৈছে এন এইচ পি চি কৰ্তৃপক্ষ ।

ইফালে মৌন হৈ আছে সংশ্লিষ্ট এলেকাৰ জনপ্ৰতিনিধিসকলো । কিন্তু এই ক্ষেত্ৰত নীৰৱে নাথাকি মুখ খুলিলে শাসকীয় দল বিজেপিৰ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই । বহুবল্কী বিধায়ক অতুল বৰাই এন এইচ পি চি কৰ্তৃপক্ষলৈ কঠোৰ সকীয়নীৰে প্ৰেৰণ কৰিছে পত্ৰ । পত্ৰত বিধায়ক অতুল বৰাই এইচ পি চি কৰ্তৃপক্ষক মিছা নামাতিবলৈ সতৰ্ক কৰি দিয়ে ।

নদীবান্ধৰ সমগ্ৰ বিষয়টোক বিধায়কগৰাকীয়ে লাখ লাখ মানুহৰ জীৱন-মৰনৰ সমস্যা বুলি সদৰী কৰে । বিধায়ক বৰাই এন এইচ পি চি কৰ্তৃপক্ষক কয়, ‘‘লৰা-ধেমালি নকৰিব । ফাঁকি নিদিব । আচল সত্যক ঢকাৰ চেষ্টা নকৰিব । প্ৰাৰ্থনা জনাইছো ঈশ্বৰক যাতে সকলো কুশলে থাকে’’ । শাসকীয় দলৰ বিধায়ক অতুল বৰাৰ এই সকীয়নীক এন এইচ পি চি কৰ্তৃপক্ষই কি ভাৱে লয় সেয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক : Danger in NHPC: NHPC সন্দৰ্ভত অসমৰ বিশেষজ্ঞ সমিতিৰ ভৱিষ্যদ্বাণী ফলিয়াইছে : আপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.