ETV Bharat / state

Danger in NHPC: NHPC সন্দৰ্ভত অসমৰ বিশেষজ্ঞ সমিতিৰ ভৱিষ্যদ্বাণী ফলিয়াইছে : আপ

author img

By

Published : Jun 18, 2023, 2:08 PM IST

Danger in NHPC
NHPC ক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে

অসমৰ বিশেষজ্ঞ সমিতিৰ ভৱিষ্যদ্বাণী আখৰে আখৰে ফলিয়াছে ৷ প্ৰত্যেক বাৰিষাতে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বহু অংশত খহিছে পাহাৰৰ বহু অংশ ৷ এই ক্ষেত্ৰত উদ্বিগ্নতা প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে ৷ লগতে গেৰুকামুখৰ বৃহৎ নদী বান্ধৰ নামনিত সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনাইছে ডাঃ ভবেন চৌধুৰীয়ে ৷

গুৱাহাটী, 18 জুন : অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশতো হৈ আছে মুষলধাৰ বৰষুণ ৷ ফলত উফন্দি উঠিছে নৈসমূহৰ বুকু ৷ ফলত গেৰুকামুখত থকা নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ডাইভাৰ্ছন টানেলৰ দুখন গেট উটুৱাই নিয়া পৰিলক্ষিত হৈছে ৷ আনকি গাইড বান্ধ ভাগি দুটা টাৰ্বাইন বুৰা গৈছে পানীৰ তলত ৷ এই ক্ষেত্ৰত উদ্বিগ্নতা প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে ৷

উল্লেখ্য যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰম্ভণিৰ সময়চোৱাতে অসমৰ বিশেষজ্ঞ সমিতিয়ে অসম-অৰুণাচলৰ ভংগুৰ শিলাখণ্ডৰ ওপৰত বৃহৎ নদী বান্ধ কেতিয়াও সুৰক্ষিত নহয় বুলি দাবী কৰিছিল ৷ কিন্তু সেই সময়ত থকা কংগ্ৰেছ চৰকাৰে অসমৰ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন নাকচ কৰি বিভিন্ন কাৰচাজীৰে এই প্ৰকল্পত অনুমোদন জনাইছিল ।

2016 চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সেই সময়ৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙেও গেৰুকামুখত উপস্থিত হৈ বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছিল । কিন্তু ক্ষমতা লাভৰ পিচতেই বিজেপিয়ে লুটিবাগৰ মাৰিলে । অসমবাসীৰ প্ৰবল বিৰোধিতাৰ পাচতো তথা অসমৰ বিশেষজ্ঞক অৱজ্ঞা কৰি এই প্ৰকল্পৰ কাম আগবঢ়াই নিয়াৰ ফলশ্ৰুতিত প্ৰতিটো বাৰিষাতে এই প্ৰকল্পত ঘটি থকা অঘটনসমূহ অসমবাসীয়ে প্ৰত্যক্ষ কৰি আহিছে ।

অসমৰ বিশেষজ্ঞ সমিতিয়ে এই প্ৰকল্পৰ পৰা হ’ব পৰা সাম্ভাব্য দুৰ্ঘটনাসমূহ এটাৰ পাচত আনটো হৈ থকা দেখা গৈছে । শেহতীয়াকৈ হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃহৎ নদী বান্ধটো এটা জলবোমালৈ পৰ্যবসিত হৈছে ৷ ফলত এই প্ৰকল্পটো নামনিবাসীৰ বাবে আতংকৰ কাৰণ হৈ পৰিছে । সেয়ে সময় থাকোতেই এন এইচ পি চিক এই বান্ধৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আম আদমি পাৰ্টীয়ে দাবী জনায় ।

আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী ডাঙৰীয়াই কয় যে অসমৰ উন্নয়ন সকলোৰে কাম্য । কিন্তু সেই উন্নয়ন কেতিয়াও মানৱ জীৱনৰ বিনিময়ত হ'ব নোৱাৰে । গেৰুকামুখৰ বৃহৎ নদী বান্ধৰ নামনিত যাতে কোনো কাৰণতে প্ৰলয়ৰ সৃষ্টি নহয়, সেই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক এক পৰিকল্পিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলটোৱে দাবী জনায় ।

লগতে পঢ়ক : Danger in Dhemaji NHPC : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত তীব্ৰবেগী পানীয়ে মাতিছে ভয়ংকৰ বিপদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.