Singer Lucky Ali : মাজুলীৰ পৰা বিদায় ললে জনপ্ৰিয় কণ্ঠশিল্পী লাকি আলিয়ে

By

Published : Nov 28, 2022, 2:31 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

মাজুলীৰ পৰা বিদায় ললে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী লাকি আলিয়ে (Singer Lucky Ali)। সত্ৰ নগৰী মাজুলীত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল মাজুলী মিউজিক ফেষ্টিভেলৰ তৃতীয় সংস্কৰণ (Majuli Music Festival) ৷ মিউজিক ফেষ্টিভেল ২০২২ত অংশগ্ৰহণ কৰিবলৈ মাজুলীলৈ আহিছিল শিল্পীগৰাকী (Majuli Music Festival 2022)। ফেষ্টিভেলৰ অন্তিম দিনটোত লাকী আলীৰ গানে মুহিলে উপস্থিত দৰ্শকক ৷ অৱশেষত মাজুলীৰ সংগীতানুষ্ঠান সমাপ্ত কৰি ক্ষন্তেক সময়ৰ পূৰ্বেই বিশেষ ফেৰীৰে মাজুলীৰ পৰা বিদায় ললে লাকী আলিয়ে । মাজুলীৰ পৰা বিদায় লোৱাৰ সময়ত শিল্পীগৰাকীয়ে কয়, "মাজুলীৰ মানুহৰ আতিথ্যত অভিভূত হৈছো । মাজুলীলৈ মাতিলে পুনৰ আহিম । মাজুলী মিউজিক ফেষ্টিভেল যিসকলে আয়োজন কৰিছে বৰ সুন্দৰকৈ আয়োজন কৰিছে "।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.