Silpi Divas Observed: কলগাছিয়াত শিল্পী দিৱস পালন

By

Published : Jan 17, 2023, 10:47 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বৰপেটা জিলাৰ কলগাছিয়াত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয় (Silpi Divas Observed in Assam) । কলগাছিয়াৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন জ্যোতি -ৰাভা- নজৰুল সংঘৰ উদ্যোগত আৰু নতুন সাহিত্য পৰিষদ তথা কলগাছিয়া আদৰ্শ জাতীয় বিদ্যালয়ৰ সহযোগত মঙলবাৰে সুন্দৰৰ পূজাৰী, মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭২ সংখ্যক মৃত্যু তিথি অৰ্থাৎ শিল্পী দিৱস হিচাপে উদযাপন কৰা হয় (Silpi Divas Observed at Kalgachia)। শিল্পী দিৱস উপলক্ষে পতাকা উত্তোলন কৰে জ্যোতি ৰাভা নজৰুল সংঘৰ সভাপতি আবু বক্কাৰ ছিদ্দিকে । ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে নতুন সাহিত্য পৰিষদৰ জিলা যুটীয়া সম্পাদক প্ৰবীণ কুমাৰ ৰয়ে ।  অনুষ্ঠানটো সমবেত সংগীত আৰু জ্যোতি নৃত্য আদিৰে পৰিৱেশ মুখৰিত হৈ পৰে । আয়োজক সমিতিয়ে শিল্পী দিৱসৰ জৰিয়তে অনাগত দিনত ৰাজ্যখনত শান্তি-সম্প্ৰীতি কামনা কৰে  ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.