Silpi Divas Celebrated: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক ৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান কৰক: সমুজ্জ্বল ভট্টাচাৰ্য্য

By

Published : Jan 17, 2023, 3:26 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ৰাজ্যজুৰি প্ৰতিবছৰে ১৭ জানুৱাৰী তাৰিখটো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস হিচাপে পালন কৰা হয় (Silpi Divas Celebrated)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মঙলবাৰে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় শিল্পী দিৱস পালন কৰে (Silpi Divas Celebrated in Golaghat) ৷ সমন্বয় ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ উপস্থিত হয় । পুৱা পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই (In charge president Utpal Sarma)। শ্বহীদ তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই (Secratery Sankar Jyoti Baruah)। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই (AASU Advisor Samujal Bhattacharya)। এই অনুষ্ঠানৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাই কয় যে যিদৰে দাদাচাহেব ফালকে বঁটাৰ দ্বাৰা সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি সকলক সন্মানিত কৰা হয়, ঠিক একেদৰে প্ৰথম অসমীয়া বোলছবিৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাকো (Rupkonwar Jyotiprasad Agarwala ) ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰে বিভূষিত কৰক ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.