lightening strom in Sonitpur : ৰঙাপৰাত বজ্ৰপাতত মৃত্যু দুজনৰ; আহত পাঁচ

By

Published : Jul 23, 2023, 8:43 AM IST

thumbnail

ৰঙাপৰা, 23 জুলাই:  শোণিতপুৰ জিলাৰ ৰঙাপৰাত শনিবাৰে বজ্ৰপাতত দুজনকৈ লোকে কৰুণ মৃত্যুক সাৱটি লয় । ৰঙাপৰা অঞ্চলত শনিবাৰে বিয়লি ভাগত বিজুলী-ঢেৰকনিৰে মূষলধাৰ বৰষুণ আহে । উক্ত সময়ত ৰঙাপৰাৰ শামুখীয়া কছাৰী গাঁৱত মণ্টু মুণ্ডা আৰু ধীৰেন মুণ্ডাৰ লগতে কেইবাজনো লোক খেতিপথাৰত কৃষি-কৰ্মত ব্যস্ত হৈ আছিল । 

বজ্ৰ পৰি মণ্টু মুণ্ডা আৰু ধীৰেন মুণ্ডাই থিতাতে মৃত্যুক সাৱটি লয় । আনফালে, ব্ৰজপাতত কাজু ওৰাং, জিতেন হৰ, চিৰঞ্জীত মিঞ্জ, উৰ্ফ ওৰাং আৰু পূৰ্ণিমা ওৰাং আঘাতপ্ৰাপ্ত হয় বুলি জানিবলৈ পৰা গৈছে । আহত পাঁচজনক ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । ইফালে বজ্ৰ পৰি দুজনকৈ লোকে অকাল মৃত্যুক সাৱটি লোৱাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ।

লগতে পঢ়ক : Dhubri bribery case: কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ’ল ধুবুৰীৰ দুই ঘোচখোৰ বিষয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.