Dhubri bribery case: কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ’ল ধুবুৰীৰ দুই ঘোচখোৰ বিষয়া

By

Published : Jul 22, 2023, 10:25 PM IST

thumbnail

গুৱাহাটী,22 জুলাই: কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ’ল ধুবুৰীৰ দুই ঘোচখোৰ বিষয়া বিশ্বজিৎ গোস্বামী আৰু মৃণালকান্তি সৰকাৰ । শনিবাৰে দুই বিষয়াক প্ৰেৰণ কৰা হ’ল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ ৷ শনিবাৰে কামৰূপ মহানগৰৰ CJM আদালতত হাজিৰ কৰোৱা হৈছিল দুই অভিযুক্তক । 

আনহাতে অহা ২৪ জুলাই সোমবাৰে দুই অভিযুক্তক বিশেষ আদালতত হাজিৰ কৰাৰ নিৰ্দেশনা প্ৰদান CJM আদালতে । বিশেষ আদালতত হাজিৰ নকৰা পৰ্যন্ত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে ৰখা হ'ব দুই অভিযুক্তক।

শুকুৰবাৰে ধুবুৰীৰ জিলা পৰিষদ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই চলাইছিল অভিযান । অভিযান কালত আটক কৰা হৈছিল মুখ্য কাৰ্যবাহী বিষয়াসহ এজনক । দীর্ঘদিনৰ পৰা চৰকাৰী আঁচনিৰ নামত উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈছিল বিষয়া বিশ্বজিৎ গোস্বামীৰ বিৰুদ্ধে ।

ফকিৰগঞ্জৰ জিলা পৰিষদৰ সদস্য ড৹ জাকিৰ হুছেইনৰ পৰা এখন আঁচনি দিয়াৰ নামত ৩০ হাজাৰ টকা উৎকোচ লওঁতেই হাতে লুটে ধৰা পৰিছিল CEO বিশ্বজিৎ গোস্বামী আৰু জিলা পৰিষদৰ ADPM মৃণালকান্তি সৰকাৰ । 

লগতে পঢ়ক:Manipur Violence : অসমৰ মুখ্যমন্ত্ৰীৰ ক্ষোভ, দিলে অনা বিজেপি শাসিত ৰাজ্যৰ ৬ টা উদাহৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.