ETV Bharat / state

Manipur Violence : অসমৰ মুখ্যমন্ত্ৰীৰ ক্ষোভ, দিলে অনা বিজেপি শাসিত ৰাজ্যৰ ৬ টা উদাহৰণ

author img

By

Published : Jul 22, 2023, 3:38 PM IST

মণিপুৰৰ ঘটনাক লৈ বিজেপি শাসিত চৰকাৰক বিভিন্ন বিৰোধী দলে সমালোচনা কৰা দেখা গৈছে । ইয়াৰ মাজতে বিভিন্ন ৰাজ্যত থকা অনা বিজেপি চৰকাৰক আক্ৰমণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Manipur Violence
অসমৰ মুখ্যমন্ত্ৰীৰ ক্ষোভ

কিয় ক্ষোভ হিমন্ত বিশ্ব শৰ্মাৰ ?

গুৱাহাটী, ২২ জুলাই : মণিপুৰৰ মহিলাক উলংগ কৰি পেৰেড কৰোৱা ভাইৰেল ভিডিঅ'ক লৈ সাংঘাতিক খং উঠিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ এই ভিডিঅ'টোক লৈ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি দেখুওৱা ক্ষোভক লৈও প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মণিপুৰৰ ঘটনাক গৰিহণা দি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লগতে ভাৰতৰ বিভিন্ন ঠাইত সংঘটিত ৬ টাকৈ অনুৰূপ ঘটনাৰ উদাহৰণ আগবঢ়ায় ৷ লগতে প্ৰশ্ন কৰিছে যে কেৱল উত্তৰ-পূবক টাৰ্গেট কিয় কৰা হয় ?

Manipur Violence
অনা বিজেপি শাসিত ৰাজ্যৰ ৬ টা উদাহৰণ

তথাকথিত উদাৰবাদীসকলে কিয় এনেধৰণৰ আন ঠাইত হোৱা অপৰাধক আওকাণ কৰিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেশৰ আন ৰাজ্যত মহিলাৰ বিৰুদ্ধে শেহতীয়াকৈ সংঘটিত হোৱা যৌন নিৰ্যাতনৰ গোচৰৰ বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি টুইটাৰত শ্বেয়াৰ কৰি নিজৰ ক্ষোভ প্ৰকাশ কৰে । শুকুৰবাৰৰ নিশা মুখ্যমন্ত্ৰীগৰাকীয়ে লেথাৰিকৈ ৯ টাকৈ টুইট শ্বেয়াৰ কৰে ৷

Manipur Violence
অনা বিজেপি শাসিত ৰাজ্যৰ ৬ টা উদাহৰণ

প্ৰথমটো টুইটত মুখ্যমন্ত্ৰীগৰাকীয়ে মণিপুৰৰ ঘটনাক কঠোৰভাৱে গৰিহণা দি লিখিছে, "মণিপুৰৰ ঘটনাটো ভয়ানক আৰু দোষীসকলে আইনৰ সম্পূৰ্ণ ক্ৰোধৰ সন্মুখীন হ'ব লাগিব । দুৰ্ভাগ্যজনকভাৱে তথাকথিত উদাৰবাদীসকলৰ মাজত এটা স্পষ্ট আৰ্হি আছে । এই ক্ষোভৰ বহিঃপ্ৰকাশ উত্তৰ-পূৰ্বাঞ্চলতে সীমাবদ্ধ, আনহাতে তেওঁলোকে আন ঠাইত ঘটা সম-পৰ্যায়ৰ নিৰ্মম অপৰাধক কেৱল আওকাণ কৰিব ।"

Manipur Violence
অনা বিজেপি শাসিত ৰাজ্যৰ ৬ টা উদাহৰণ

সবাদ মাধ্যমত প্ৰকাশিত দেশৰ আন ৰাজ্যত সংঘটিত মণিপুৰৰ বীভৎস ঘটনাটো সদৃশ মুঠ ৬ টা বাতৰি শ্বেয়াৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী অশোক গেহলটৰ নেতৃত্বত কংগ্ৰেছ শাসিত ৰাজস্থানৰ যোধপুৰৰ এটা শেহতীয়া ভয়ংকৰ বাতৰি শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এনেদৰে, "২০২৩ চনৰ ১৯ ​​জুলাইত যোধপুৰত ছমহীয়া কেঁচুৱাকে ধৰি ৪ জনীয়া এটা পৰিয়ালক প্ৰথমে হত্যা কৰি পাচত জীৱন্তে জ্বলাই দিয়া হৈছিল ।"

Manipur Violence
অনা বিজেপি শাসিত ৰাজ্যৰ ৬ টা উদাহৰণ

তাৰ কিছু সময়ৰ পাচতে আন এটা টুইটত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, "২০২৩ চনৰ ১৬ জুলাইত যোধপুৰত প্ৰেমিকৰ সন্মুখত এগৰাকী দলিত নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল ।"

Manipur Violence
অনা বিজেপি শাসিত ৰাজ্যৰ ৬ টা উদাহৰণ

মুখ্যমন্ত্ৰীয়ে লগতে আন এটা টুইটত তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জী মুখ্যমন্ত্ৰী ৰূপে থকা পশ্চিমবংগৰ এটা শেহতীয়া দুৰ্ভাগ্যজনক ঘটনাৰ বাতৰি শ্বেয়াৰ কৰে ৷ এইটো টুইটত তেঁও লিখিছে, "২০২৩ চনৰ ১৩ জুলাইত নিৰ্বাচনত পৰাস্ত হোৱাৰ পাচত টিএমচিৰ কৰ্মীয়ে তেওঁৰ ওপৰত প্ৰস্ৰাৱ কৰা বুলি অভিযোগ কৰিছিল এজন বিজেপি কৰ্মকৰ্তাই ।"

২০২৩ চনৰ ৮ জুলাইত টিএমচিৰ কৰ্মীয়ে তেওঁক কাপোৰ খুলি উলংগ কৰি পেৰেড কৰাৰ অভিযোগ উত্থাপন কৰি আন এটা পশ্চিমবংগৰ বাতৰি শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

তেওঁৰ ৬ নম্বৰ টুইটটোত দেশৰ বিজেপি বিৰোধী শক্তিৰ মূল আহ্বায়ক নীতিশ কুমাৰ শাসিত বিহাৰৰ এক গণধৰ্ষণৰ ঘটনাৰ কথা উল্লেখ কৰি প্ৰমাণ স্বৰূপে এটা বাতৰি টুইটাৰত সংলগ্ন কৰি দিয়ে ৷ টুইটাৰটোত ড৹ শৰ্মাই লিখিছে, "২০২৩ চনৰ ৭ জুনত বিহাৰত এগৰাকী নাবালিকা জনজাতীয় কিশোৰীক ৮ জন লোকে দলবদ্ধ ধৰ্ষণ কৰিছিল ৷"

অন্য এটা টুইটত মুখ্যমন্ত্ৰীয়ে গণধৰ্ষণৰ উদাহৰণ দি বিজেপি বিৰোধী মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ শাসিত ঝাৰখণ্ডৰ ৷ "২০২২ চনৰ ২০ অক্টোবৰত ঝাৰখণ্ডৰ চৈবাছাত দিনৰ পোহৰত ১০ জনকৈ লোকে এগৰাকী জনজাতীয় মহিলাক দলবদ্ধ ধৰ্ষণ কৰিছিল ৷"

এইদৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূবৰ বাহিৰৰ আন ৰাজ্যত সংঘটিত নাৰীৰ যৌন নিৰ্যাতনৰ বাতৰি শ্বেয়াৰ কৰি 'তথাকথিত উদাৰবাদী' বুলি মণিপুৰৰ ঘটনাক লৈ সক্ৰিয় হোৱা একাংশক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ মন কৰিবলগীয়া যে, অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ আন ৰাজ্যৰ নাৰীৰ যৌন নিৰ্যাতন ঘটনাৰ যিবোৰ বাতৰি উদাহৰণ স্বৰূপে আগবঢ়াইছে সেই আটাইকেইখন ৰাজ্যতে চলি আছে বিজেপি বিৰোধী ৰাজনৈতিক শক্তিৰ চৰকাৰ ৷

কেৱল উত্তৰ-পূবৰ মণিপুৰৰ ঘটনাটোক লৈ সৰৱ হৈ দেশৰ আনবোৰ ঘটনা প্ৰসংগত একাংশ মৌন হৈ থকা প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "ভিডিঅ'টো মুকলিৰ তাৰিখ যিয়েই নহওঁক কিয়, এই কাণ্ডক গৰিহণা দিয়া উচিত, দোষীক শাস্তি দিয়া উচিত, তাৰ ওপৰত মোৰ কোনো ইচ্ছ্যু নাই । কিন্তু আপোনালোকে সমগ্ৰ মণিপুৰ বা উত্তৰ-পূবক বদনামী কৰা উচিত নহয় ।"

শুকুৰবাৰৰ নিশা ধাৰাবাহিকভাৱে কৰা টুইটৰ ৯ নম্বৰ টুইটটোত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা বাতৰি কেইটা সন্দৰ্ভত সৰৱ নোহোৱাক লৈ প্ৰশ্ন কৰে, "কেৱল মণিপুৰক টাৰ্গেট কিয় ?" মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লিখিছে, "এই কেইটামান শেহতীয়াকৈ নাৰী বা জনজাতীয়ৰ বিৰুদ্ধে সংঘটিত হোৱা ভয়ানক অপৰাধৰ দৃষ্টান্ত, আনকি মোৰ ৰাজ্য অসমতো এনেধৰণৰ ঘটনা সংঘটিত হৈছে ৷ যিকোনো ঠাইতে সংঘটিত হোৱা অপৰাধক নিন্দা কৰাটো প্ৰয়োজন । কিন্তু কেৱল মণিপুৰ আৰু নৰ্থ ইষ্টক টাৰ্গেট কিয় ?"

উল্লেখ্য যে শুকুৰবাৰে এই টুইটসমূহ কৰাৰ পূৰ্বে এক সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে কংগ্ৰেছে নিজৰ পিছফালৰ চোতালখনলৈ চাব লাগে । বিজেপি শাসিত ৰাজ্যত অপৰাধ সংঘটিত হ'লেহে তেওঁলোকৰ বিবেক জাগ্ৰত হয় ।

লগতে পঢ়ক :Mob Naked Women in Malda : এইবাৰ বংগত মণিপুৰৰ ঘটনাৰ পুনৰাবৃত্তি; ২ জনজাতীয় মহিলাক উলংগ কৰি প্ৰহাৰৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.