Flood at Rangapara: ৰঙাপৰাত বেঙেনাজুলি নৈৰ তাণ্ডৱ; বানৰ কৱলত বিদ্যালয়, বহু বাসগৃহ

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 10:34 PM IST

thumbnail

ৰঙাপৰা, 27 আগষ্ট: শোণিতপুৰ জিলাৰ মিছামাৰীৰ নবিল পথাৰ গাঁৱত বানৰ তাণ্ডৱ অব্যাহত আছে । ভদীয়া বানে গৃহহীন কৰি তুলিলে মিছামাৰী কেইবাটাও পৰিয়ালক । এতিয়াও মিছামাৰীৰ বহু বাসগৃহৰ লগতে বিদ্যালয় গৃহ বাঢ়নী পানীৰ তলত । মিছামাৰীৰ নবিল পথাৰ প্ৰাথমিক বিদ্যালয়খন বৰ্তমানেও পানীৰ তলতে আছে । বানাক্ৰান্ত পৰিয়ালসকলক বৰ্তমানৰ সময়ত ৰখা হৈছে আশ্ৰয় শিবিৰত । মিছামাৰীৰ বালিসুঁতি চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়খনত স্থাপন কৰা হৈছে আশ্ৰয় শিবিৰ । 

মিছামাৰীৰ নবিল পথাৰ গাঁৱৰ পুৰুষ-মহিলাসহ কণ কণ শিশুসকলে আশ্ৰয় গ্ৰহণ কৰি আছে আশ্ৰয় শিবিৰত । পূৰ্বৰ তুলনাত বৰ্তমান বান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আহিবলৈ ধৰিছে । উল্লেখ্য যে মিছামাৰীৰ বেঙেনাজুলি নৈৰ বাঢ়নী পানীয়ে প্ৰতি বছৰে বিস্তৰ ক্ষতি সাধন কৰে অঞ্চলটোত ৷

লগতে পঢ়ক: Flood and Erosion: ৰঙাপৰাৰ মিলনপল্লীত বানৰ সংহাৰ:নৈৰ বুকুত জাহ গ’ল কেইবাটাও বাসগৃহ  

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.