Murder at Changsari: সহকৰ্মীয়ে নৃশংসভাৱে মৰিয়াই হত্য়া কৰিলে এইমছৰ কৰ্মচাৰীক

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 4:02 PM IST

thumbnail

চাংসাৰি, ২৩ আগষ্ট: কামৰূপ জিলাৰ চাংসাৰিত মঙলবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বকো ছয়গাঁৱৰ বামুনীগাঁৱৰ নিপন কলিতা নামৰ এজন যুৱকক তিনিজন সহকৰ্মীয়ে নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্য়া কৰাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য় যে নিহত নিপন কলিতা এইমছৰ অক্সিজেন মেইনটেনেন্স বিভাগৰ এজন কৰ্মচাৰী আছিল ।  

ঘটনাৰ বিৱৰণি অনুসৰি এইমছৰ অক্সিজেন মেইনটেনেন্স বিভাগৰ কৰ্মচাৰীজনে যোৱা মঙলবাৰে আবেলিৰ কৰ্তব্য় সম্পাদনৰ বাবে নিজৰ ঘৰৰ পৰা এইমছলৈ আহিছিল । তাৰ পিছতে নিপন কলিতাই তেওঁৰ অমিনগাঁৱৰ বন্ধু এজনলৈ ফোন কৰি জনাই য়ে তেওঁক সহকৰ্মী কেইজনমানে মাৰধৰ কৰি আছে । তেওঁক আহি ৰক্ষা কৰিব লাগে। সেই খবৰ পোৱাৰ পিছতে বন্ধুজন আহি নিপন কলিতাক অচেতন অৱস্থাত পৰি থকা দেখা পোৱাৰ পিছতে চাংসাৰিৰ আৰক্ষীক খবৰ দিয়ে ।

পিচত আৰক্ষী ঘটানস্থলীত উপস্থিত হৈ নিপন কালিতাক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি তিনি সহকৰ্মীক সোধা-পোছাৰ বাবে আটক কৰিছে । আটকাধীন লোককেইজন হৈছে পশ্চিম বংগৰ অমিত মন্দল, বিহাৰৰ বিনীত গুপ্তা আৰু উত্তৰ প্ৰদেশৰ দীপক শৰ্মা । 

লগতে পঢ়ক:Guwahati Suicide Case: তেজতকৈ পাল্লা ভাৰী হ’ল সম্পত্তিৰ, কুটুমে নিচিনেলে কুটুমক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.