Guwahati Suicide Case: তেজতকৈ পাল্লা ভাৰী হ’ল সম্পত্তিৰ, কুটুমে নিচিনেলে কুটুমক

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 1:52 PM IST

thumbnail

গুৱাহাটী,23 আগষ্ট : মহানগৰীৰ লালমাটিত চাঞ্চল্যকৰ ঘটনা ৷ সম্পত্তিৰ বাবে আত্মহত্যাৰ পথ বাচি ল’লে এগৰাকী যুৱতীয়ে ৷ স্থানীয় লোকৰ অভিযাগ মতে, ‘‘কিছু দিনৰ পূৰ্বে যুৱতীগৰাকীৰ মাতৃৰ মৃত্যুৰ হৈছিল ৷ সেই সুযোগ গ্ৰহণ কৰি যুৱতীগৰাকীক বৰদেউতাক-বৰমাকে গুৱাহাটীলৈ আনিছিল ৷ কিয়নো পঠশালাত যুৱতীগৰাকীৰ নামত আছিল সম্পত্তি ৷ সেই সম্পত্তিৰ লোভতে বৰমাক-বৰদেউতাকে আনিছিল গুৱাহাটীলৈ ৷ কিন্তু যুৱতীগৰাকীক শাৰীৰিক মানসিক অত্যাচাৰ কৰিছিল বৰমাক-বৰদেউতাকে ৷ পিতৃ-মাতৃ নথকাৰ বাবে ৰাতি হ’লে যুৱতীগৰাকীক মাৰ-পিট কৰিছিল  ৷ মঙলবাৰে যুৱতীগৰাকীক প্ৰেমিকৰ সৈতে দেখা পোৱাৰ পাচতে বৰমাক-বৰদেউতাকে অত্যাচাৰ কৰিছিল ৷ সেই অপমান সহিব নোৱাৰি যুৱতীগৰাকীয়ে আত্মহত্যা কৰিলে ৷’’ সম্প্ৰতি অভিযুক্তক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.