মমৰ শিখাই আনিলে বিপদ : পানীখাইতিত ছাঁই হৈ গ’ল এখন ঘৰ - Fire in Guwahati

By ETV Bharat Assamese Team

Published : May 29, 2024, 8:36 PM IST

thumbnail
পানীখাইতিত ছাঁই হৈ গ’ল এখন ঘৰ (ETV Bharat Assam)

গুৱাহাটী, ২৯ মে’ : গুৱাহাটীৰ পানীখাইতিস্থিত কেন্দ্ৰীয় গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সন্মুখত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড । সমীৰ আলী নামৰ এজন লোকৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

অগ্নিকাণ্ডটোৰ ফলত পৰিয়ালটোৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় । অগ্নিকাণ্ডটোৰ ফলত সমীৰ আলীৰ এটা জেৰক্স মেচিন, তিনিটা কম্পিউটাৰ, ঘৰৰ বিভিন্ন মূল্যবান সা-সামগ্ৰীকে ধৰি প্ৰায় তিনি লক্ষ্যাধিক টকাৰ সা-সম্পত্তি সম্পূৰ্ণ জাহ যায় ।

স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ লোকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে প্ৰচণ্ড ধুমুহা-বৰষুণৰ বাবে সমীৰ আলীৰ ঘৰত ব্যাহত হৈ আছিল বিদ্যুৎ যোগান । সেইবাবে পৰিয়ালটোৱে নিশাৰ ভাগত মমৰ পোহৰৰ ব্যৱস্থা কৰিছিল । সেই মমৰ জুই আঁঠুৱাত লাগি অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি ধাৰণা কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: দিল্লীৰ মেট্ৰ' ষ্টেচনত অগ্নিকাণ্ড, কেনেকৈ লাগিল জুই ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.