ETV Bharat / bharat

দিল্লীৰ মেট্ৰ' ষ্টেচনত অগ্নিকাণ্ড, কেনেকৈ লাগিল জুই ? - Delhi metro station fire

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 9:41 AM IST

Delhi metro station fire: দিল্লীৰ ৰাজীৱ চক মেট্ৰ' ষ্টেচনত হুলস্থূলীয়া পৰিৱেশ । এখন মেট্ৰ' ৰে'লত জুইৰ সূত্ৰপাত । ৰে'লৰ ওপৰত থকা পেণ্টোগ্ৰাফত লাগিল জুই । দ্বাৰকাৰ পৰা বৈশালী অভিমুখী আছিল ৰে'লখন । কথমপি ৰক্ষা পৰিল শ শ যাত্ৰী ।

Delhi metro station fire
দিল্লীৰ মেট্ৰ' ষ্টেচনত অগ্নিকাণ্ড (ETV Bharat)

নেশ্যনেল ডেস্ক, ২৮ মে': ৰাজধানী দিল্লীৰ ৰাজীৱ চক মেট্ৰ' ষ্টেচনত অঘটন । ষ্টেচনত ৰৈ থকা এখন ৰে'লৰ ওপৰৰ অংশত জুইৰ সূত্ৰপাত । ৰে'লখনৰ ওপৰৰ চালিত হঠাতে জুইৰ সূত্ৰপাত হয় । বহু সময় ধৰি জ্বলি থাকিল ওপৰৰ অংশ । অৱশ্যে সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই ।

জানিব পৰা মতে মেট্ৰ' ষ্টেচনটোৰ পেণ্টোগ্ৰাফত এই জুই লাগিছিল । সম্প্ৰতি এই ঘটনাটোৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে । ষ্টেচনত ৰৈ থকা যাত্ৰীসকলে তেওঁলোকৰ মোবাইলত এই দৃশ্য বন্দী কৰা দেখা গৈছে । সূত্ৰৰ মতে ৰে'লখন বৈশালী অভিমুখী আছিল । ইফালে জুই লগাৰ পিচতে ষ্টেচনত উপস্থিত লোকসকলৰ মাজত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে মেট্ৰ' ষ্টেচন কৰ্তৃপক্ষই সেই স্থানত উপস্থিত হৈ অগ্নি নিৰ্বাপণৰ চেষ্টা কৰে ।

দিল্লী মেট্ৰ' ৰে'ল নিগমৰ মতে ঘটনাটো ৰাজীৱ চক মেট্ৰ' ষ্টেচনত বৈশালী অভিমুখী ৰে'লত সংঘটিত হৈছিল । সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ'টো নিশ্চিত কৰি দিল্লী মেট্ৰ' ৰে'ল নিগমে কয় যে ঘটনাটো সন্ধিয়া প্ৰায় ৬:২১ বজাত সংঘটিত হৈছিল । ৰে'লখন ৰাজীৱ চক মেট্ৰ' ষ্টেচনৰ পৰা বৈশালী অভিমুখে যাত্ৰা কৰি আছিল । সেই সময়ত যাত্ৰীসকলে ৰে'লখনৰ ওপৰত থকা চালিত সামান্য জুই প্ৰত্যক্ষ কৰিছিল ।

বিষয়াসকলৰ মতে পেণ্টোগ্ৰাফ ফ্লেছিঙত জুই লাগিছিল । কেতিয়াবা কিছুমান বাহিৰৰ সামগ্ৰী ওপৰৰ বৈদ্যুতিক তাঁৰ আৰু পেণ্টোগ্ৰাফৰ মাজত আৱদ্ধ হৈ পৰে আৰু তেতিয়াই এইধৰণে জুইৰ সূত্ৰপাত হয় । এনে ক্ষেত্ৰত যাত্ৰীসকলৰ কোনো ক্ষতি নহয় বুলি বিষয়াসকলে দাবী কৰিছে । অৱশ্যে দিল্লী মেট্ৰ' ৰে'ল নিগমে ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ অনুসন্ধান অব্যাহত ৰাখিছে ।

এগৰাকী বিষয়াৰ মতে প্ৰভাৱিত পেণ্টোগ্ৰাফক তাৎক্ষণিকভাৱে আঁতৰাই দিয়া হৈছে আৰু সমস্যাটো সমাধান হোৱাৰ লগে লগে ৰে'লখন গন্তব্য স্থানলৈ ৰাওনা হয় । উল্লেখ্য যে দিল্লীত পাৰাস্তম্ভ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । সোমবাৰে দিল্লীত সৰ্বাধিক তাপমাত্ৰা আছিল ৪৬ ডিগ্ৰীতকৈও অধিক । যি স্বাভাৱিকতকৈ ৬ ডিগ্ৰী অধিক বুলি গণ্য কৰা হয় ।

একে সময়তে, সৰ্বনিম্ন তাপমাত্ৰা আছিল ২৮ ডিগ্ৰী চেলচিয়াছ । বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে পৰৱৰ্তী কিছুদিনলৈ অধিক গৰম থাকিব আৰু গ্ৰীষ্ম প্ৰবাহৰো আশংকা থাকিব । যাৰ বাবে মানুহক অধিক সাৱধান হ'বলৈ কোৱা হৈছে । ইফালে প্ৰচণ্ড গৰমৰ বাবে ৰাজধানী দিল্লীত প্ৰতিদিনে অগ্নিকাণ্ডৰ দৰে ঘটনাও বৃদ্ধি পাইছে ।

লগতে পঢ়ক:দেশ কঁপোৱা ৰাজকোটৰ অগ্নিকাণ্ড: নিলম্বিত ৬ বিষয়া - Gujrat Fire Incident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.