ETV Bharat / bharat

দেশ কঁপোৱা ৰাজকোটৰ অগ্নিকাণ্ড: নিলম্বিত ৬ বিষয়া - Gujrat Fire incident

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 2:01 PM IST

Updated : May 27, 2024, 2:48 PM IST

Fire incident in game zone : ৰাজকোটত অগ্নিকাণ্ডৰ ঘটনাত নিলম্বিত ৬জন বিষয়া ৷ ৰাজকোট পৌৰ আয়ুক্ত আৰু আৰক্ষী আয়ুক্তকো জেৰা কৰা হৈছে ৷

দেশ কঁপোৱা ৰাজকোটৰ অগ্নিকাণ্ড; নিলম্বিত ৬ বিষয়া
দেশ কঁপোৱা ৰাজকোটৰ অগ্নিকাণ্ড; নিলম্বিত ৬ বিষয়া (Etv Bharat)

নেশ্যনেল ডেস্ক, ২৭ মে’ : ইতিমধ্যে সকলোৰে জ্ঞাত যে শনিবাৰে (২৫ মে’ ২০২৪) ৰাজকোটৰ নানা মাৱাত অৱস্থিত টি আৰ পি গেম জ’নত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ যি অগ্নিকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ ৷ এই অগ্নিকাণ্ডত বৰ্তমানলৈকে ২৮ জন লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে ।

দেশ কঁপোৱা ৰাজকোটৰ অগ্নিকাণ্ড; নিলম্বিত ৬ বিষয়া
ৰাজকোটত অগ্নিকাণ্ডৰ ঘটনাত নিলম্বিত ৬জন বিষয়া (ETV Bharat)

এই দুৰ্ঘটনাৰ পাচতে কিছু কঠোৰ হৈছে গুজৰাট চৰকাৰ ৷ ইতিমধ্যে গুজৰাট চৰকাৰে এছ আই টি (SIT) গঠন কৰি অতি সোনকালে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে । প্ৰাৰ্থমিক পৰ্যায়ৰ তদন্ত ছয়জন বিষয়াক নিলম্বনো কৰা হৈছে । য’ত আছে লোকনিৰ্মাণ আৰু গৃহ নিৰ্মাণ বিভাগৰ এজন অভিযন্তা, দুজন আৰক্ষী পৰিদৰ্শক আৰু পৌৰ নিগমৰ ৩ জন নগৰ পৰিকল্পনা বিষয়া ।

আই পি এছ সুভাষ ত্ৰিবেদী আৰু আই এ এছ বঞ্চানিধি পানীৰে গঠিত এটা বিশেষ তদন্তকাৰী দলেও ৰাজকোট পৌৰ আয়ুক্ত আৰু ৰাজকোট আৰক্ষী আয়ুক্তক জেৰা কৰিছে । তথ্য অনুসৰি, জেৰাৰ সময়ত দুয়োজনকে নিশা ২.৩০ বজালৈকে বহিবলৈ দিয়া হৈছিল ।

লগতে পঢ়ক : প্ৰকৃততে কি হৈছিল ৰাজকোটৰ TRP গেমজ’নত ? পোহৰলৈ আহিল চিচিটিভি ফুটেজ - fire incident

নিলম্বিত বিষয়াকেইগৰাকী হ’ল -

  • গৌতম যোশী - সহকাৰী নগৰ পৰিকল্পনাকাৰী, ৰাজকোট নগৰ পৰিকল্পনা শাখা
  • জয়দীপ চৌধুৰী - সহকাৰী অভিযন্তা, ৰাজকোট পৌৰ নিগমৰ নগৰ পৰিকল্পনা শাখা
  • এম আৰ সুমা - ৰাজকোট পথ নিৰ্মাণ আৰু গৃহ নিৰ্মাণ বিভাগৰ উপ অভিযন্তা
  • ভি.আৰ পেটেল - আৰক্ষী পৰিদৰ্শক, ৰাজকোট ৰিডাৰ শাখা
  • এন. আখ ৰাথোড় – আৰক্ষী পৰিদৰ্শক, গান্ধীগ্ৰাম- ২
  • পাৰশ কোঠিয়া - উপ কাৰ্যবাহী অভিযন্তা, ৰাজকোট

লগতে পঢ়ক : ৰাজকোটৰ TRP গেমজ’নত নিহতৰ সংখ্যা ৩০ লৈ বৃদ্ধি; ৬ জনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন - Rajkot Game Zone fire incident

উল্লেখ্য যে, টি আৰ পি গেম জ’নত অগ্নিকাণ্ডৰ তদন্ত ক্ৰাইম ব্ৰাঞ্চৰ হাতত অৰ্পণ কৰা হৈছে । অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চৰ দলে গঠন কৰা হৈছে । যুটীয়া আৰক্ষী আয়ুক্ত বিধি চৌধুৰীৰ নেতৃত্বত এটা বিশেষ দল গঠন কৰা হৈছে । ২ নং মণ্ডলত থাকিব ডিচিপি সুধীৰ দেশাই আৰু ডিচিপি অপৰাধ তদন্তকাৰী দলৰ সদস্য ।

লগতে পঢ়ক : গুজৰাটৰ গেমজ’নত ভয়াবহ অগ্নিকাণ্ড : শিশু-কিশোৰসহ নিহত ২৫ - Gujrat Fire incident

Last Updated : May 27, 2024, 2:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.