Self help group member cheated: চামগুৰিত আত্মসহায়ক গোটৰ সদস্যাক প্ৰৱঞ্চনা সভানেত্ৰী-সম্পাদিকাৰ

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 2:21 PM IST

thumbnail

চামগুৰি, ৪ নৱেম্বৰ: চামগুৰিৰ সোণাৰীবালিত এগৰাকী মহিলাক প্রৱঞ্চনা কৰাৰ অভিযোগ আত্মসহায়ক গোটৰ সভানেত্ৰী সুপ্ৰিয়া খাতুন, সম্পাদিকা ফাতিমা খাতুন আৰু বেংক মিত্ৰ পূৰ্ণিমা খাতুনৰ বিৰুদ্ধে । সোণাৰীবালি মধ্য জোনাকী গোটৰ সদস্যা তহুৰা খাতুনক প্ৰাপ্য ধন নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে জোনাকী গোটৰ সভানেত্ৰী, সম্পাদিকা আৰু বেংক মিত্ৰৰ বিৰুদ্ধে ।

দহজনীয়া গোটটোৱে চৰকাৰী আঁচনিৰ অধীনত পাইছিল পাঁচ লাখ টকা । সেই টকাৰ পৰা পাবলগীয়া ৫০ হাজাৰ টকা ৰহস্যজনকভাৱে গোটটোৰ সদস্যা তহুৰা খাতুনক নিদিয়াক লৈ ক্ষোভিত হৈ পৰিছে মহিলাগৰাকী । ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষীৰ কাষ চাপিছে যদিও মহিলাগৰাকীক সহায় নকৰাৰ আন এক অভিযোগ উত্থাপন হৈছে চামগুৰি আৰক্ষীৰ বিৰুদ্ধে ।

আনহাতে আৰক্ষীৰ সহায় বিচৰাৰ বাবে সভানেত্ৰীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰলৈ যোৱাৰ বাবে আক্ৰমণ কৰাৰো আন এক গুৰুতৰ অভিযোগ তুলিছে তহুৰা খাতুনে । প্ৰায় এক মাহ পূৰ্বেই তহুৰা খাতুনে নথি-পত্ৰ লৈ অনুমোদন পোৱা ধন ৰাশি নোপোৱাত আৰক্ষীৰ কাষ চপা লগতে চামগুৰি SBI শাখাতো এই বিষয়ে কথা পাতে ৷ কিন্তু কৰোৰে পৰা কোনো সঁহাৰি লাভ নকৰাত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিল মহিলাগৰাকী ।

লগতে পঢ়ক: Job cheating at Sivasagar : স্বাস্থ্য বিভাগত চাকৰিৰ নামত প্ৰৱঞ্চনা, ভুক্তভোগী কাষ চাপিল আৰক্ষীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.