Job cheating at Sivasagar : স্বাস্থ্য বিভাগত চাকৰিৰ নামত প্ৰৱঞ্চনা, ভুক্তভোগী কাষ চাপিল আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 10:05 PM IST

Updated : Nov 1, 2023, 10:33 PM IST

thumbnail

শিৱসাগৰ, 1 নৱেম্বৰ : স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত পুনৰ প্ৰৱঞ্চনাৰ ঘটনা ৷ এইবাৰ শিৱসাগৰত পোহৰলৈ আহিছে এই ঘটনা ৷ শিৱসাগৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ অধীনৰ নগৰ স্বাস্থ্য কল্যাণ কেন্দ্ৰৰ 13 টা ঠিকাভিত্তিক সহায়িকা পদৰ নিযুক্তিৰ নামত দালাল চক্ৰই যুৱতীৰ পৰা সংগ্ৰহ কৰিলে ধন ৷

জানিব পৰা মতে, চাকৰিৰ সাক্ষাৎকাৰত অৱতীৰ্ণ কৰোৱাৰ প্ৰতিশ্ৰুতি দি এগৰাকী মহিলাই ধন সংগ্ৰহ কৰিলে যুৱতীৰ পৰা ৷ নিজকে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বুলি পৰিচয় দি টুলুমণি দাস নামৰ মহিলা গৰাকীয়ে কেইবাগৰাকী যুৱতীৰ পৰা 2700 পৰা 2800 টকাকৈ সংগ্ৰহ কৰে ৷

ভুক্তভোগী যুৱতীয়ে কয়, ‘‘টুলুমণি নামৰ এগৰাকী মহিলাই আমাক  স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বুলি পৰিচয় দিছিল ৷ 2700 টকা দিলে টুলুমণিয়ে আমাক সাক্ষাৎকাৰত অৱতীৰ্ণ কৰোৱাৰ ব্যৱস্থা কৰিব দিব বুলি কৈছিল ৷ সেয়ে আমি নথি-পত্ৰসহ 2700 টকা দিলো ৷ সাক্ষাৎকাৰ যেতিয়া আৰম্ভ হ’ল তাৰ পাচতো কিন্তু আমি প্ৰৱেশ পত্ৰ নাপালো ৷ তেতিয়াই আমি কৰ্তৃপক্ষক অৱগত কৰাত টুলুমণি দাস নামৰ কোনো কৰ্মচাৰী নাই বুলি স্পষ্ট কৰি দিয়ে ৷’’

ধনো হেৰুৱালে, সুযোগো হেৰুৱালে তাৰ পিচত টুলুমণিক কৰায়ত্ত কৰাৰ দাবীৰে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিলে ভুক্তভোগীয়ে ৷

লগতে পঢ়ক:Upstream of fishes: মিটং নদীত মাছৰ উজান, পৰম্পৰা অনুসৰি সমূহীয়া মৎস্য চিকাৰ ৰাইজৰ

Last Updated : Nov 1, 2023, 10:33 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.