Scam in PDS rice : বিনামূলীয়া চাউলৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 1:46 PM IST

thumbnail

নলবাৰী, 15 নৱেম্বৰ: নলবাৰীত বিনামূলীয়া চাউলৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ । ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সুলভ মূল্যৰ দোকানত লাভ কৰা বিনামূলীয়া চাউলৰ লগত প্লাষ্টিক সদৃশ চাউল মিহলাই বিতৰণৰ অভিযোগ তুলিছে ৰাইজে । খাদ্যৰ নামত বৰবিহ বিতৰণৰ অভিযোগ নলবাৰীৰ ফুলগুৰি ৰাইজৰ । 

নলবাৰী জিলাৰ ফুলগুৰি গাওঁবাসীয়ে সুলভ মূল্যৰ দোকানত লাভ কৰা বিনামূলীয়া চাউলত প্লাষ্টিক চাউল পোৱাত ক্ষোভিত হৈ পৰে । সাধাৰণ ৰাইজৰ স্বাস্থ্যক লৈ হেতালি খেলাৰ অভিযোগ তুলিছে ৰাইজে । চাউল সদৃশ সামগ্ৰীখিনি পানীত উপঙি থকাৰ লগতে জুইত পুৰিলে প্লাষ্টিকৰ ধৰ্ম প্ৰতিফলিত হয় বুলিও অভিযোগ কৰে ভুক্তভোগীয়ে । ইয়াৰ পিচতে ফুলগুৰি অঞ্চলবাসী ৰাইজে ৰাজ্যৰ যোগান বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে । 

সাধাৰণ লোকৰ স্বাস্থ্যক লৈ হেঁতালি খেলা লোকসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল’বলৈ যোগান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ৷

লগতে পঢ়ক: Assam Sanskritik Mahasangram: অসমৰ সংস্কৃতি ৰক্ষাক লৈ চিন্তিত সাংস্কৃতিক মন্ত্ৰী বিমল বড়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.