ETV Bharat / state

Assam Sanskritik Mahasangram: অসমৰ সংস্কৃতি ৰক্ষাক লৈ চিন্তিত সাংস্কৃতিক মন্ত্ৰী বিমল বড়া

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 8:25 AM IST

ৰাজ্যত আৰম্ভ হৈছে সাংস্কৃতিক মহাসংগ্ৰাম ৷ সাংস্কৃতিক মহাসংগ্ৰাম চলি থকাৰ মাজতে অসমৰ সংস্কৃতি ৰক্ষাক লৈ চিন্তিত সাংস্কৃতিক মন্ত্ৰী বিমল বড়া ৷

Assam Sanskritik Mahasangram in Tingkhan Dibrugarh
টিংখাঙত আৰম্ভ হৈছে সাংস্কৃতিক মহাসংগ্ৰাম

টিংখাঙত আৰম্ভ হৈছে সাংস্কৃতিক মহাসংগ্ৰাম

ডিব্ৰুগড়, 15 নৱেম্বৰ: অসম চৰকাৰৰ সাংস্কৃতিক মহাসংগ্ৰাম চলি থকাৰ মাজতে সংস্কৃতি ৰক্ষাক লৈ চিন্তিত সাংস্কৃতিক মন্ত্ৰী বিমল বড়া ৷ উত্তৰ প্ৰজন্মই কিদৰে আগবঢ়াই নিব অসমীয়া চিৰযুগমীয়া সংগীতৰ ধ্বজা ইয়াকে লৈ চিন্তা প্ৰকাশ কৰিছে সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে । খোদ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত অসমৰ চিৰনমস্য সংগীত শিল্পীসকলৰ গীতক লৈ প্ৰকাশ পোৱা অনিহাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে ।

মঙলবাৰে টিংখাঙৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিনামূলীয়া চাইকেল বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থকা উক্ত অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ মত-বিনিময় কৰে ।

উপস্থিত শিক্ষাৰ্থীসকলক সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ যিকোনো এটি গীতৰ কলি গুণগুণাবলৈ কয় মন্ত্ৰী বড়াই । কিন্তু কোনো এগৰাকী শিক্ষাৰ্থীয়ে এটিও গীতৰ কলি গুণগুণাব নোৱাৰাত আক্ষেপ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীৰ বাৰম্বাৰ আহ্বানৰ পাছতো উপস্থিত শতাধিক ছাত্ৰ-ছাত্ৰীৰ কোনো এগৰাকীয়ে সুধাকন্ঠৰ এটা গীতৰ কলি আওৰাব নোৱাৰা কাৰ্যক সহজভাৱে ল'ব পৰা নাই মন্ত্ৰী বিমল বড়াই ।

এনে পৰিস্থিতিত সাংস্কৃতিক মহাসংগ্ৰামৰ দৰে কাৰ্যসূচীৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে ৰাজ্যজুৰি আৰম্ভ হোৱা অসম সাংস্কৃতিক মহাসংগ্ৰামৰ কাৰ্যসূচী টিংখাঙতো ইতিমধ্যে আৰম্ভ হৈছে । উঠি অহা নতুন প্ৰজন্মক সাংস্কৃতিক জগতৰ বৰেণ্য ব্যক্তিসকলৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে আৰম্ভ হোৱা এই মহাসংগ্ৰামত অংশগ্ৰহণ কৰিছে বহু শিক্ষাৰ্থীয়ে ৷

উল্লেখ্য যে, টিংখাং উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰবাম গাঁও পঞ্চায়ত পৰ্যায়ৰ এই প্ৰতিযোগিতা 30 নৱেম্বৰলৈ অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: Distribution of free bicycles :ৰাজগড়ত বিনামূলীয়া চাইকেল বিতৰণ কৰিলে মন্ত্ৰী বিমল বড়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.