Sahityajoyti Award 2023: জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক পৰেশ বৰুৱাই কি বুলি সম্বোধন কৰে !

By

Published : Jun 18, 2023, 11:08 PM IST

thumbnail

গুৱাহাটী, 18 জুন: মহানগৰীৰ বেলতলাস্থিত সমাজ কল্যাণ বিভাগৰ চৌহদৰ অমলপ্ৰভা দাস প্ৰক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয় বিশেষ বঁটা প্ৰদান অনুষ্ঠান । নগাঁৱৰ বিশিষ্ট আইনজ্ঞ তথা “আলোক” কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক 'সাহিত্যজ্যোতি' ৰাধিকামোহন গোস্বামীৰ সোঁৱৰণত অনুষ্ঠিত কৰে এই বঁটা প্ৰদান অনুষ্ঠান । দেওবাৰে অনুষ্ঠিত এই অনুষ্ঠানত ২০২৩ বৰ্ষৰ 'সাহিত্যজ্যোতি' ৰাধিকামোহন গোস্বামী সোঁৱৰণী বঁটা প্ৰদান কৰা হয় জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক ।

 “অনুপ্ৰেৰণা” নামেৰে সামাজিক অনুষ্ঠান আৰু ৰাধিকামোহন গোস্বামীৰ পৰিয়ালবৰ্গৰ সহযোগত শ্ৰীশ্ৰী আউনীআটিৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী দেৱে প্ৰদান কৰে এই বঁটা । এই বঁটাটিত আছে এখনি চেলেং, ফুলাম গামোচা, এখনি শৰাই আৰু মানপত্ৰ । আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাংবাদিক, সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা, অসম সাহিত্য সভাৰ সভাপতি তথা পদ্মশ্ৰী ড৹ সূর্যকান্ত হাজৰিকা, শ্ৰীশ্ৰী আউনীআটিৰ সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামী দেৱৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক:Sivsagar BJP Meeting: শিৱসাগৰত বিজেপিৰ সভাত খালি চকীৰ সন্মুখত নাড্ডাৰ ভাষণ !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.