ETV Bharat / state

Sivsagar BJP Meeting: শিৱসাগৰত বিজেপিৰ সভাত খালি চকীৰ সন্মুখত নাড্ডাৰ ভাষণ !

author img

By

Published : Jun 18, 2023, 9:08 PM IST

দেওবাৰে শিৱসাগৰ জিলাত অনুষ্ঠিত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ৷ কিন্তু ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ ভাষণ শুনিবলৈ উপস্থতিত নাথাকিল দলীয় কাৰ্যকৰ্তাও ৷

Sivsagar BJP Meeting
Sivsagar BJP Meeting

শিৱসাগৰত বিজেপিৰ সভাত খালি চকীৰ সন্মুখত নাড্ডাৰ ভাষণ

আমগুৰি, ১৮ জুন: শিৱসাগৰ জিলাৰ দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দেওবাৰে অনুষ্ঠিত হয় বিজেপিৰ বিশাল কাৰ্যকৰ্তা সন্মিলন ৷ য’ত উপস্থিত আছিল ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতি জেপি নাড্ডা ৷ কিন্তু ৰাষ্ট্ৰীয় সভাপতিৰ ভাষণ শুনিবলৈ সভাত নাথাকিল দলীয় কাৰ্যকৰ্তা ৷ যাৰ বাবে খালি চকীৰ সন্মুখতেই ভাষণ দিব লগীয়া হ’ল জেপি নাড্ডা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

উল্লেখ্য যে, নৰেন্দ্ৰ মোদীৰ ৯ বছৰীয়া কাৰ্যকলাপ সম্পূৰ্ণ হোৱাৰ উপলক্ষে দিনৰ 11 বজাত দলীয় কৰ্মীসকলে মন কী বাত অংশ লয় ৷ ইয়াৰ পাচতেই অনুষ্ঠিত কৰা হয় কাৰ্যকৰ্তা সন্মিলন ৷ শিল্পী অনুষ্কা তৰংগিণীৰ মহাভাৰতৰ মহাশ্লোকেৰে আৰম্ভ কৰা সভাত আদৰণি ভাষণ আগবঢ়াই মন্ত্ৰী যোগেন মহনে ৷ ভাষণ প্ৰসংগত কংগ্ৰেছৰ তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷ কিন্তু ইয়াৰ পাচত ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ভাষণ শুনিবলৈ উপস্থিত নাথাকিল ৰাইজ ৷

ইফালে, খালী চকীৰ সন্মুখতে ভাষণ প্ৰদান কৰি জেপি নাড্ডাই শিৱসাগৰৰ শিৱদৌলত পূজা আগবঢ়ায় ৷ ইয়াৰ পাচতেই যোৰহাটৰ জিলা পুথিভঁৰালত জ্যেষ্ঠ কাৰ্যকৰ্তাৰ সৈতে মতবিনিময় কৰাৰ বাবে ৰাওনা হয় নাড্ডা ৷ যোৰহাটৰ চাৰিটা পৰিয়ালৰ গৃহতো ৰাষ্ট্ৰীয় সভাপতিগৰাকী উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ৷

শিৱসাগৰত দেওবাৰে অনুষ্ঠিত হোৱা কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগু, ৰাজহ মন্ত্ৰী যোগেন মোহন, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকে ধৰি দলৰ কেইবাগৰাকীও শীৰ্ষ নেতা ৷

লগতে পঢ়ক: MLA Atul Bora on NHPC : NHPC ক কঠোৰ সকীয়নী দিছপুৰৰ বিধায়ক অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.