Tiger Terror at Kaliabor: বনজ জীৱৰ জনাঞ্চল বিচৰণে ত্ৰাসিত কৰিছে কলিয়াবৰবাসীক

By

Published : Mar 7, 2023, 7:13 PM IST

thumbnail

কলিয়াবৰ, 7 মাৰ্চ : কলিয়াবৰ চাহ বাগিচাত অব্যাহত আছে ঢেকীয়াপতীয়া বাঘৰ ত্ৰাস (Royal Bengal tiger roaming at Kaliabor) ৷ এইবাৰ বনৰজা ঢেকীয়াপতীয়া বাঘে হাতীমূৰাত সৃষ্টি কৰিছে এক আতংকময় পৰিৱেশৰ ৷ হাতীমূৰা পাহাৰৰ পৰা নামি অহা এই ঢেকীয়াপতীয়া বাঘে সঘনাই নিধন কৰিবলৈ লৈছে অঞ্চলটোৰ অধিকাংশ লোকৰ গোহালিৰ গৰু, ছাগলী তথা পোহনীয়া জীৱ-জন্তু ।

নিশাতো বাদেই দিনৰ পোহৰতো চলা-ফুৰা কৰিবলৈ ভয় কৰিছে এতিয়া অঞ্চলটোৰ লোকে ৷ অইন দিনাৰ দৰে সোমবাৰে নিশাও অঞ্চলটোৰ এঘৰ লোকৰ দুটাকৈ গৰু বধ কৰে (Tiger Terror at Kaliabor) ৷ অঞ্চলটোৰ লোকে উল্লেখ কৰা অনুসৰি, এটা বা দুটা নহয়, পোৱালিসহ কেইবাটাও বাঘে আশ্ৰয় লৈছে কামাখ্যা সংৰক্ষিত বনাঞ্চল আৰু হাতীমূৰা পাহাৰত । জানিব পৰা মতে, শিলঘাট-কামাখ্যা সংযোগী পথত দৈনিক পহৰা দিছে  বন বিভাগে ।

ইফালে, ইয়াৰ মাজতে কলিয়াবৰৰ শিলঘাটলৈ আহি স্বচক্ষে বনৰজা ঢেকীয়াপতীয়া বাঘ দেখি আনন্দত আত্মবিভোৰ হৈ পৰিছে আমেৰিকাৰ এগৰাকী পৰ্যটকে ৷ পৰ্যটকগৰাকীয়ে উল্লেখ কৰা অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘ দেখাৰ সৌভাগ্য হোৱা নাছিল তেওঁৰ ৷ কিন্তু শিলঘাটৰ চাহ বাগিচাত নিচেই কাষৰ পৰা বাঘ দেখি অনন্দিত হৈ পৰিছে পৰ্যটকগৰাকী ৷

লগতে পঢ়ক : Tiger Terror at Kaliabor : ঢেঁকীয়াপতীয়াৰ ত্ৰাসত ত্ৰস্তমান কলিয়াবৰবাসী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.