Tiger Terror at Kaliabor : ঢেঁকীয়াপতীয়াৰ ত্ৰাসত ত্ৰস্তমান কলিয়াবৰবাসী

By

Published : Feb 23, 2023, 5:02 PM IST

thumbnail

কলিয়াবৰ, 23 ফেব্ৰুৱাৰী : ‘‘বাঘ ঐ বাঘ ৷ খালে ঐ খালে ৷ কোন, কেতিয়া বাঘৰ আহাৰ হয় কোনো ঠিক নাই ৷’’ বাঘৰ ত্ৰাসত ত্ৰস্তমান এতিয়া ৰাজ্যৰ ভিন্ন অঞ্চলৰ লোক (Tiger Terror at Kaliabor) ৷ ৰাজ্যৰ বহু স্থানত এতিয়া সঘনে দেখিবৰ পোৱা গৈছে বাঘৰ মুক্ত বিচৰণ ৷

বিগত কিছুদিন ধৰি কলিয়াবৰৰ চাহ বাগিচাত এজনী ঢেঁকীয়াপতীয়া বাঘে চলাইছে ত্ৰাস (Royal Bengal tiger roaming at tea garden in Kaliabor) ৷ ঢেঁকীয়াপতীয়া বাঘজনীৰ আতংকত আতংকিত এতিয়া কলিয়াবৰবাসী ৷ বাঘটোৱে মুকলিকৈ চাহ বাগিচাখনত বিচৰণ কৰাৰ দৃশ্য বন্দী হৈছে অঞ্চলটোৰ একাংশ লোকৰ কেমেৰাত ৷

অঞ্চলটোৰ স্থানীয় একাংশ ৰাইজে উল্লেখ কৰা অনুসৰি, কামাখ্যা গাঁৱৰ কাষতে থকা শিলঘাটৰ কামাখ্যা দেৱালয় সংযোগী সৰ্পিল নতুন পথচোৱাৰ কাষৰ কলিয়াবৰ বাগিচাতে পোৱালীসহ আশ্ৰয় লৈ আছে ঢেঁকীয়াপতীয়া বাঘজনীয়ে (Tiger roaming at tea garden in Kaliabor) ৷ উক্ত পথচোৱাৰে অহা-যোৱা কৰা অধিকাংশ যুৱকে প্ৰায়ে দেখা পায় ঢেঁকীয়াপতীয়াজনীক । ফলত দিন দুপৰতে এতিয়া আতংকৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ।

লগতে পঢ়ক : Rhino free roaming: মাজুলীত গঁড়ৰ আতংক, ৰাইজক ঘৰতে সোমাই থকাৰ আহ্বান বন বিভাগৰ

কিন্তু বন বিভাগে এই পৰ্যন্ত বাঘজনীক আঁতৰাই পঠোৱা কোনো ব্যৱস্থা কৰা নাই । এই অভিযোগ অঞ্চলটোৰ স্থানীয় একাংশ লোকৰ । খণ্ড বন বিষয়া কল্যাণ শইকীয়াৰ মতে, যিহেতু উক্ত ঠাইখিনি কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত; সেয়ে বাঘ বা অন্য জীৱ এনে ঠাইত থকাতো অতি স্বাভাৱিক কথা ।

উল্লেখযোগ্য যে, ৰাজ্যৰ বিশেষকৈ কলিয়াবৰত বন্যহস্তীৰ ত্ৰাস অব্যাহত (Elephant Terror at Kaliabor) থকাৰ সময়তে জনাঞ্চলত এতিয়া বাঘৰ মুক্ত বিচৰণে শংকিত কৰি তুলিছে গঞা ৰাইজক । তদুপৰি, বনৰীয়া গাহৰিৰ উপদ্ৰৱত কলিয়াবৰৰ গঞা ৰাইজে খেতি-বাতিও ভালদৰে কৰিব নোৱাৰা সদৃশ এক পৰিৱেশে বিৰাজ কৰিছে কলিয়াবৰত । ইতিমধ্যে বনৰীয়া গাহৰিৰ আক্ৰমণৰো সন্মুখীন হৈছে অঞ্চলটোৰ বহুজন ।

লগতে পঢ়ক : Leopard in Dibrugarh: ডিব্ৰুগড়ত দুটা নাহৰফুটুকী উদ্ধাৰ, এটা জীৱন্ত-এটা মৃত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.