Leopard in Dibrugarh: ডিব্ৰুগড়ত দুটা নাহৰফুটুকী উদ্ধাৰ, এটা জীৱন্ত-এটা মৃত

By

Published : Feb 1, 2023, 9:51 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ডিব্ৰুগড়, 1 ফেব্ৰুৱাৰী: ডিব্ৰুগড় জিলাৰ প্ৰতিটো প্ৰান্ততে এতিয়া বাঘৰ মুক্ত বিচৰণে জলা-কলা খুৱাইছে ৰাইজক । ডিব্ৰুগড় জিলাৰ চহৰ অঞ্চলৰ পৰা গ্ৰাম্য অঞ্চল সকলোতে প্ৰায়েই বাঘে আতংকৰ সৃষ্টি কৰি আহিছে (Tiger menace in Dibrugarh) । প্ৰায়সমূহ অঞ্চলতে বাঘে পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰাৰ লগতে মানুহকো আক্ৰমণ কৰি সৃষ্টি কৰি আহিছে আতংকৰ । বাঘৰ আতংকৰ মাজতে বুধবাৰে ডিব্ৰুগড় জিলাৰ টিংখাঙত উদ্ধাৰ হ'ল এটা মৃত নাহৰফুটুকী (Body of a leopard found in Dibrugarh) ।

টিংখাঙৰ তিনিআলি চাহ বাগিচাত উদ্ধাৰ হয় এটা নাহৰফুটুকী বাঘৰ মৃতদেহ । বাগিচাত কাম কৰি থকা শ্ৰমিকে প্ৰত্যক্ষ কৰে বাঘৰ মৃতদেহটো । অন্য বাঘৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ বাঘটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । জানিব পৰা মতে, বাগিচাত কাম কৰি থকা শ্ৰমিকে প্ৰথমে বাঘটো প্ৰত্যক্ষ কৰি শুই থকা বুলি অনুমান কৰি কাম কৰি থকা ঠাইৰ পৰা পলায়ন কৰিছিল (Leopard body recovered in Tea garden) ।

পুনৰ ঘুৰি আহি আঘাতপ্ৰাপ্ত হৈ পৰি থকা বাঘটোৰ ওপৰত সন্দেহ ওপজাত ভালদৰে পৰ্যবেক্ষণ কৰাত মৃত বুলি জানিব পাৰিলে । আন বাঘৰ সৈতে যুঁজি আঘাতপ্ৰাপ্ত হৈ বাঘটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । ইয়াৰ পাচতে বাগিচা কৰ্তৃপক্ষই স্থানীয় বন বিভাগক খবৰ দিয়ে । ইতিমধ্যে বন বিভাগ ঘটনাস্থলীত উপস্থিত হৈ বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে । 

উল্লেখ্য যে, অঞ্চলটোত অন্য কেইবাটাও বাঘে দীৰ্ঘদিনৰ পৰা ত্ৰাস চলায় আহিছে । বাগিচাৰ শ্ৰমিক আৰু চকীদাৰে প্ৰায়ে বাঘৰ মুখামুখি হৈ থাকে বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে । লগতে বাঘৰ বিচৰণৰ বাবে শংকিত ৰাইজে বাঘৰ আতংকৰ পৰা উদ্ধাৰ কৰিবলৈ বন বিভাগ তথা প্ৰশাসনক দাবী জনাইছে (People in terror of leopard in Dibrugarh)। 

আনহাতে, বুধবাৰে পুৱাই অইল ইণ্ডিয়া ঔদ্যোগিক এৰিয়াত বহুদিন আতংকৰ সৃষ্টি কৰি থকা এটা নাহৰফুটুকী বন বিভাগে পতা পিঞ্জৰাত আবদ্ধ হয় । ঔদ্যোগিক এলেকাত দিন দুপৰতে বাঘে মুক্ত বিচৰণ কৰি থকাৰ পাচতে অইল ইণ্ডিয়া কৰ্তৃপক্ষ আৰু বন বিভাগে পিঞ্জৰা পাতিছিল । সেই পিঞ্জৰাতে আজি আবদ্ধ হয় নাহৰফুটুকী বাঘটো ।

লগতে পঢ়ক: Flies terror in Dibrugarh: মাখিৰ সন্ত্ৰাসত ভুগিছে ডিব্ৰুগড়ৰ এটা অঞ্চলৰ জনসাধাৰণে

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.