চিমেন চাপৰিত পথ সুৰক্ষা সজাগতাৰ বাটৰ নাট প্ৰদৰ্শন

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 5:17 PM IST

thumbnail

জোনাই, ২৪ ডিচেম্বৰ: ধেমাজি জিলা আৰক্ষীৰ তত্বাৱধানত আৰু চিমেন চাপৰি আৰক্ষী থানাৰ উদ্যোগত পথ সুৰক্ষাৰ ওপৰত দেওবাৰে চিমেন চাপৰি চাৰিআলিত সজাগতা সভা আৰু বাটৰ নাট প্ৰদৰ্শন কৰা হয় । চিমেন চাপৰি নাগৰিক সমিতি আৰু চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ সহযোগত আয়োজিত ড৹গোপাল তামুলী ৰচিত 'ঢৌটোতে ৰৌটো' নামৰ বাটৰ নাটৰ জৰিয়তে তীব্ৰ গতিত যান-বাহন চলোৱা পৰিহাৰ কৰা, যান-বাহন চলাওঁতে মোবাইল ফোন ব্যৱহাৰ নকৰা, সুৰাপান কৰি যান-বাহন নচলোৱা, চাৰিচকীয়া বাহন চলাওতে ছিট বেল্ট ব্যৱহাৰ কৰা আৰু দুচকীয়া বাহন চলাওতে হেলমেট পৰিধান কৰা আদিৰ ওপৰত চালকসকলক সজাগতা আগবঢ়াবলৈ চেষ্টা কৰা হয় ।

আজিৰ এই সজাগতা সভা আৰু বাটৰ নাট প্ৰদৰ্শন কৰা অনুষ্ঠানত উপস্থিত থাকে চিমেন চাপৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সৰাংগ সিং গগৈ, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ শচীন দলে, ই-ৰিক্সা চালক সন্থাৰ সভাপতি সম্পাদক, মেজিক সন্থাৰ সভাপতি সম্পাদক আদি ।

লগতে পঢ়ক:ধেমাজিত টাকাম মিলি অপৃন কৌবাঙৰ কেন্দ্ৰীয় অধিৱেশনৰ সফল সামৰণি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.