Rehabilitation in Dhemaji: ধেমাজিত খহনীয়াগ্ৰস্তক পুনৰ সংস্থাপন

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 2:15 PM IST

thumbnail

ধেমাজি,৯ ছেপ্টেম্বৰ: ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহচক্ৰ অন্তৰ্গত নামনি চিচি টঙানী গাঁও পঞ্চায়তৰ চিচি চুমনী, মৌজা চাপৰি, ৰাংকপ চাপৰি, চিচি কঠাল গুৰি, চিচি চুমনী, শিয়াল মৰা, শুকান চাপৰি আদি ব্ৰহ্মপুত্ৰ নদীৰ ধাৰাবাহিক খহনীয়াত ভুক্তভোগীয়ে লাভ কৰিলে পুনৰসংস্থাপন ।  

পঞ্চায়তখনৰ প্ৰায় ১৫০ ৰ অধিক পৰিয়ালে ঘৰ বাৰী, মূল্যবান গছ-গছনি, শস্য পথাৰ হেৰুৱাই মহা সমস্যাৰ মাজত দিন‌ অতিবাহিত কৰি আহিছিল । ‌এনে সময়তে মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMK ৰ তৎপৰতাত চিচি কলঘৰ নৈপৰিয়া চাতমাৰিৰ বিশাল ভূমিখণ্ডত ৰাইজক স্থায়ীভাৱে সংস্থাপনৰ ব্যৱস্থা কৰা হয় ।  

শুকুৰবাৰে বহু লোকে হাতে হাতে দা, কুঠাৰ, বাঁহ, কাঠ আদি সৰঞ্জাম লৈ চৰঞ্চলটোত উপস্থিত হয় । নিৰ্দ্দিষ্ট এডোখৰকৈ ভূমি দখল কৰি খুঁটা পুতি ঘৰ নিৰ্মাণৰ ব্যবস্থা কৰা দেখা গ'ল । পুনৰ সংস্থাপনৰ ব্যবস্থাৰ বাবে বিধায়ক ভূৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাক ধন্যবাদ জ্ঞাপন কৰে দল-সংগঠন আৰু ৰাইজে ।

লগতে পঢ়ক: Mission against drugs : লখিমপুৰ আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰিলে ড্ৰাগছ সৰবৰাহকাৰীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.